ব্ৰিটেইনৰ বিদেশ মন্ত্ৰী ডেভিদ লেমি আজি দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত হ’ব। বিদেশ মন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কালত সর্বাত্মক কৌশলগত সহযোগিতা সুদৃঢ় কৰা আৰু ভাৰত-ব্ৰিটেইন মুক্ত বাণিজ্য চুক্তি সম্পর্কে আলোচনা কৰিব। ব্ৰিটেইনত প্রধানমন্ত্ৰী কিৰ ষ্টাৰ্মৰৰ নেতৃত্বত লেবাৰ পাৰ্টীৰ চৰকাৰ গঠন হোৱাৰ পাছত এয়া দুয়োখন দেশৰ মাজত উচ্চ পৰ্যায়ৰ প্রথম আলোচনা হ’ব। অভ্যাগত বিদেশ মন্ত্ৰীগৰাকীয়ে আজি বিয়লি বিদেশ মন্ত্রী ড০ এছ জয়শংকৰক সাক্ষাৎ কৰিব। শ্রীলেমিয়ে বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল আৰু ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভালৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা আছে। তেওঁ লগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰিব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কিৰ ষ্টাৰ্মৰৰ মাজত ৬ জুলাইত ফোনযোগে হোৱা বাৰ্তালাপৰ সময়ত দুয়োগৰাকী নেতাই উভয় দেশৰ মাজৰ সহযোগিতা সুদৃঢ় কৰাৰ বাবে আৰু ২০৩০ চনৰ বাবে পৰিকল্পনা সম্পর্কে আলোচনা কৰিছিল। প্রধানমন্ত্রীদ্বয়ে প্ৰতিৰক্ষা, গুৰুত্বপূৰ্ণ তথা নতুন প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তনকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা গভীৰ কৰি তুলিবলৈ সন্মতি প্ৰকাশ কৰিছিল।
Site Admin | July 24, 2024 10:18 AM | Britain Foreign Minister