ডাউনলোড
মোবাইল এপ

android apple
signal

দুদিনীয়া কাৰ্যসূচীৰে জ্যোতি চিত্ৰবনত অষ্টম চলচিত্ৰম ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ-২০২৪ আৰম্ভ

অষ্টম চলচিত্ৰম ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ-২০২৪ আজি দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত আৰম্ভ হৈছে। উদ্বোধনী অনুষ্ঠানত সুনীল মহান্তী, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰমেশ ডেকা, সংগীতশিল্পী তৰালী শৰ্মাকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰমেশ ডেকাই অনুষ্ঠানত কলা আৰু সংস্কৃতিৰ জৰিয়তে সংস্কৃতি আৰু ঐতিহ্য ৰক্ষা কৰিব লাগিব বুলি ভাষণত উল্লেখ কৰে। প্ৰবাল খাউণ্ড পৰিচালিত আৰু গোপাল জালানৰ লগতে ধ্ৰুৱজ্যোতি কাকতি প্রযোজিত দ্যা লাষ্ট জেনেৰেচন ছবিৰে মহোৎসৱৰ উদ্বোধন কৰা হয়। এই মহোৎসৱত ৫০ খন তথ্যচিত্ৰ আৰু চুটি ছবি প্ৰদৰ্শন কৰা হ’ব। প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী- এই দুয়োটা শাখাত ছবিসমূহ প্ৰদৰ্শন কৰা হ’ব। বিশ্ব সংবাদকেন্দ্ৰ, অসমৰ সহযোগী অনুষ্ঠান চলচ্চিত্ৰমৰ উদ্যোগত আয়োজিত এই মহোৎসৱৰ মূল বিষয়বস্তু হৈছে- আমাৰ ঐতিহ্য আমাৰ গৌৰৱ। মূল বিষয়বস্তুৰ উপৰি মহোৎসৱত ভূমি আৰু মানুহ, পৰ্যটন, কলা, হস্তশিল্প আৰু বস্ত্ৰ, পাণ্ডুলিপি আৰু পাণ্ডুলিপি চিত্রাংকন, চিত্ৰাংকন আৰু কাঠত খোদাই কৰা কলা, সংগীত আৰু সংগীতজ্ঞ, সাংস্কৃতিক উৎসৱ, স্মৃতি সৌধ আৰু ঐতিহ্যক্ষেত্র, সমাজ সংস্কাৰক আৰু আগৰণুৱাসকলক, ক্রীড়া, চাহ আৰু তৈল উদ্যোগ, সংস্কৃতি আৰু মূল্যবোধ, সামাজিক সজাগতা, পৰিয়াল ব্যৱস্থা, মহিলা, পৰিৱেশ আদি বিষয়কো প্ৰাধান্য দিয়া হৈছে। চলচ্চিত্ৰৰ জৰিয়তে ৰাষ্ট্ৰীয়তাবাদক উৎসাহিত কৰাৰ লগতে ভাৰতৰ কেইবা হাজাৰবৰ্ষ পূৰণি সভ্যতা, সংস্কৃতি আৰু ঐতিহ্যক শ্রদ্ধা জ্ঞাপনৰ উদ্দেশ্যে এই মহোৎসৱৰ আয়োজন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক