দুদিনীয়া কাৰ্যসূচীৰে অসম বিধানসভাত ৰাজ্যৰ স্বায়ত্ব শাসিত পৰিষদসমূহৰ সন্মিলন

অসম বিধানসভাৰ উদ্যোগত ৰাজ্যৰ স্বায়ত্ব শাসিত পৰিষদসমূহৰ এখন সন্মিলন আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে দিছপুৰৰ অসম বিধানসভাত অনুষ্ঠিত হৈছে। ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰা সন্মিলনখনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে স্বায়ত্ব শাসিত পৰিষদসমূহক শক্তিশালী আৰু কৰ্মদক্ষ কৰা, কামকাজ পৰিচালনা শৃংখলিত কৰাৰ বাবে বিধি প্ৰস্তুত কৰা, পৰিষদসমূহৰ বিভাগীয় কামকাজসমূহ সহজে আৰু আইন অনুসৰি সম্পন্ন কৰাৰ বাবে বিধি প্ৰস্তুত কৰা আদি উদ্দেশ্যেৰে এই সন্মিলনৰ আয়োজন কৰা হৈছে। সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত নোহোৱা ১০খন স্বায়ত্ব শাসিত পৰিষদৰ সন্মিলনৰ পাছত ষষ্ঠ অনুসূচীৰ অন্তৰ্গত স্বায়ত্ব শাসিত পৰিষদ তিনিখনৰ বাবে আন এখন সন্মিলন অনুষ্ঠিত হ’ব বুলি শ্ৰী দৈমাৰীয়ে কয়। সন্মিলনত আদৰণি ভাষণ দি সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে, অসমৰ মুঠ জনসংখ্যা ১৭ দশমিক ৫ শতাংশ অনুসূচীত জনজাতি লোকৰ উন্নয়নৰ বাবে ৰাজ্যচৰকাৰে যতপৰোনাস্তি চেষ্টা চলাই আছে। বিভিন্ন পাঠ্যক্ৰমত নাভৰ্তিৰ লগতে নিযুক্তিৰ ক্ষেত্ৰতো চৰকাৰে এনে লোকসকলৰ সংৰক্ষণৰ ব্যৱস্থা কৰিছে। সন্মিলনত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, নন্দিতা গালোচায়ো ভাষণত ৰাজ্য চৰকাৰ আৰু স্বায়ত্ব শাসিত পৰিষদ সমূহে পাৰস্পৰিক বুজাবুজিৰে কাম কৰাৰ পোষকতা কৰে। প্ৰথমবাৰৰ বাবে আয়োজিত এই সন্মিলনত ৰাভা হাচং, মিচিং, তিৱা, দেউৰী, ঠেঙাল কছাৰী, সোণোৱাল কছাৰী, বড়ো-কছাৰী, কমতাপুৰ, মৰাণ আৰু মটক স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, উপ-মুখ্য কাৰ্যবাহী সদস্যকে ধৰি পৰিষদৰ সদস্য সকলে অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক