কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জগত প্রকাশ নাড্ডা দুদিনীয়া অসম ভ্রমণসূচীৰে আজি নিশা গুৱাহাটীত উপস্থিত হ’ব। নিশাটো তেওঁ গুৱাহাটীৰ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কটোৱাৰ পাছত কাইলৈ পুৱা তেজপুৰলৈ যাত্ৰা কৰিব৷ ইয়াৰ পাছত তেওঁ দুপৰীয়া মঙলদৈলৈ আহিব আৰু দিনৰ ১২ বজাত মঙলদৈ অসামৰিক চিকিৎসালয়ত নির্মাণ কৰিবলগীয়া ক্রিটিকেল কেয়াৰ ইউনিটৰ আধাৰশিলা স্থাপন কৰিব। আমাৰ মঙলদৈৰ সংবাদদাতাই জনোৱা মতে প্রধানমন্ত্রী আয়ুস্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত ২৩ কোটি ৭৫ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া এই ক্রিটিকেল কেয়াৰ ইউনিটটো সম্পূৰ্ণ হৈ উঠিলে দৰং আৰু ওদালগুৰি জিলাৰ স্বাস্থ্য খণ্ডত প্ৰভূত উন্নতি সাধন হ’ব। ইয়াৰ পাছত তেওঁ মঙলদৈ অসামৰিক চিকিৎসালয় পৰিসৰত স্থাপিত দৰং কৰ্কট কেন্দ্ৰ, গেৰিমাৰীত নির্মীয়মান অসম দক্ষতা বিশ্ববিদ্যালয় আৰু ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰি লেনযুক্ত বাইপাছৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰিব। শ্রী নাড্ডাই কাইলৈ ছিপাঝাৰ অসামৰিক চিকিৎসালয়ো পৰিদৰ্শন কৰাৰ লগতে মঙলদৈত জিলা আয়ুক্তৰ সভাকক্ষত জিলাখনৰ মুৰববী বিষয়াসকলৰ সৈতে বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। এই ভ্রমণকালত তেওঁক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়া আৰু দৰঙৰ কেইবাগৰাকীও বিধায়কে সংগ দিব বুলি আমাৰ সংবাদদাতাই জনাইছে।
Site Admin | January 7, 2025 9:02 PM | Assam | BJP | JP Nadda | Nadda