বিজেপিৰ সাংসদ দিলীপ শইকীয়াই টোল কৰ হ্ৰাস কৰিবলৈ আৰু দুখন টোল গেটৰ মাজত কমেও ১০০ কিলোমিটাৰ ব্যৱধান ৰাখিবলৈ দাবী জনাইছে। দৰং-ওদালগুৰি সমষ্টিৰ সাংসদ শইকীয়াই শুকুৰবাৰে লোকসভাত কয়, যে দেশৰ ৰাষ্ট্ৰীয় ঘাইপথত বৰ্তমান ৯৮৩ খন টোলগেট আছে। এই টোলগেটসমূহত বাহন চালকসকলে বুজন পৰিমাণৰ শুল্ক আদায় দিবলগীয়া হয় আৰু ইয়াৰ ফলত জনসাধাৰণৰ ওপৰত আৰ্থিক বোজা পৰে। কেন্দ্ৰীয় চৰকাৰৰ নীতি-নিৰ্দেশনা অনুসৰি দুখন টোলগেটৰ মাজত কমেও ৬০ কিলোমিটাৰ দূৰত্ব থাকিব লাগে যদিও গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথত মাত্র ৫০ কিলোমিটাৰৰ মাজত ২ খন টোলগেট আছে। কেন্দ্রীয় চৰকাৰে দেশৰ নাগৰিকৰ ওপৰত টোল মাচুলৰ হেচা হ্ৰাস কৰিব লাগে আৰু দুখন টোলগেটৰ মাজৰ দূৰত্ব কমেও ১০০ কিলোমিটাৰ কৰিবলৈ শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি সাংসদগৰাকীয়ে দাবী জনায়।
Site Admin | December 15, 2024 12:05 PM | Dilip Sailika MP