নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ প্ৰতিবেদন অনুযায়ী দিল্লী সুৰা কেলেংকাৰীৰ বাবে দুহেজাৰ কোটিৰো অধিক টকাৰ ৰাজহ লোকচান হোৱা বুলি বিজেপিয়ে দাবী কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা অনুৰাগ ঠাকুৰে কালি দলৰ মুখ্য কাৰ্যালয়ত আম আদমী পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱাল এই কেলেংকাৰীৰ আঁৰৰ মূল ব্যক্তি বুলি সংবাদ মাধ্যমৰ আগত অভিযোগ তোলে। দিল্লীৰ খলাবমা পথ, লেতেৰা পানী, বিদ্যুত বৰ্ধিত মাচুল, আৱৰ্জনাৰ পাহাৰ সদৃশ দম আৰু প্ৰদূষণ সন্দৰ্ভত আম আদমী পাৰ্টীৰ ওচৰত কোনো উত্তৰ নাই বুলি তেওঁ উল্লেখ কৰে। ইপিনে আম আদমী পাৰ্টীৰ নেত্ৰী প্ৰিয়ংকা কক্কড়ে বিজেপিৰ অভিযোগ খণ্ডন কৰি নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ ফাদিল হোৱা প্ৰতিবেদন ভুৱা বুলি অভিহিত কৰে। তেওঁ কয়, যে এই তথাকথিত কেলেংকাৰীত কেজৰিৱালৰ বিৰুদ্ধে কোনো প্ৰমাণ পোৱা হোৱা নাই ।
Site Admin | January 12, 2025 11:30 AM | BJP Claim
দিল্লী সুৰা কেলেংকাৰীৰ বাবে দুহেজাৰ কোটিৰো অধিক টকাৰ ৰাজহ লোকচান হোৱা বুলি বিজেপিৰ অভিযোগ
