ডাউনলোড
মোবাইল এপ

android apple
signal

দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত

দিল্লীত ৭০ খন আসনবিশিষ্ট বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান চলি আছে। বিজেপি, আম আদমী পাৰ্টী আৰু কংগ্ৰেছৰ শীৰ্ষ পৰ্যায়ৰ নেতাসকলে ৰোড শ্ব’, ঘৰে ঘৰে প্ৰচাৰ, জনসভা আদিৰ জৰিয়তে ভোট দাতাক আকর্ষণ কৰিবলে চেষ্টা চলাইছে।বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি বৰপুৰ আৰু কস্তুৰবা নগৰ সমষ্টিত ৰোড শ্বত ভাগ ল’ব। শ্রী শ্বাহে কালকাজি অঞ্চলত এখন জনসভাতো অংশগ্ৰহণ কৰিব। বিজেপিয়ে আজি দলৰ নিৰ্বাচনী ইস্তাহাৰক প্ৰতিফলন কৰা আন এটা নিৰ্বাচনী প্ৰচাৰ গীত মুকলি কৰে। গীতটোত কণ্ঠ দিছে সাংসদ মনোজ তিৱাৰীয়ে। আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় সমন্বয়ক অৰবিন্দ কেজৰিৱালে আজি সন্ধ্যা ঘোন্দা আৰু কাৰাৱাল নগৰত দুখন জনসভাত ভাষণ দিব। দলটোৰ জ্যেষ্ঠ নেতা তথা পঞ্জাবৰ মুখ্যমন্ত্রী ভগৱন্ত মানে দিল্লীৰ বিভিন্ন স্থানত ৰোড শ্ব’ আৰু জনসভাত ভাগ ল’ব। জনসভাত অংশগ্ৰহণৰ পূৰ্বে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে আজি গোল মাৰ্কেটত থকা বাল্মিকী মন্দিৰত পূজা-অৰ্চনা কৰে আৰু স্থানীয় হৰিজন বস্তিৰ লোকসকলক সাক্ষাৎ কৰে। শ্ৰী গান্ধীয়ে আজি সন্ধ্যা পটপগঞ্জ আৰু ওখলা সমষ্টিত জনসভাত ভাষণ দিব। কংগ্ৰেছ নেতা শচীন পাইলটে বাদলি অঞ্চলত ৰোড শ্ব কৰিব। দিল্লীত ৫ ফেব্ৰুৱাৰীত বিভানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কৰা আৰু ৮ ফেব্ৰুৱাৰীত ভোট গণনা কৰা হ’ব৷

অধিক পঢ়ক

সকলো চাওক