অহা ৫ ফেব্ৰুৱাৰীত দিল্লীত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্র দাখিল প্ৰক্ৰিয়াৰ অন্ত পৰিবলৈ মাজত মাথো দুটা দিন থকাৰ অৱস্থাত দিল্লীত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। আম আদমী পাৰ্টীৰ নেতা তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি নতুন দিল্লী সমষ্টিৰ বাবে মনোনয়ন পত্র দাখিল কৰে। প্ৰদেশ বিজেপিৰ শীৰ্ষ নেতা পাৰৱেশ বার্মায়ো একেটা সমষ্টিৰ বাবে মনোনয়ন পত্র দাখিল কৰিছে। আজি ৰাজ্যখনৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতা মনীষ সিসোদিয়ায়ো জংগপুৰা সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে। আজি দিল্লীৰ প্ৰদেশ বিজেপিৰ প্ৰাক্তন সভাপতি সতীশ উপাধ্যায়ে মালৱিয়া নগৰ আসনৰ বাবে আৰু ৰমেশ বিধুৰিয়ে কালকাজি সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ পাছত আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালে কয়, যে দিল্লীৰ জনসাধাৰণে যোৱা ১০ বছৰ আম আদমী পাৰ্টীৰ কাম-কাজৰ ভিত্তিতে তেওঁৰ দলৰ পক্ষে পুনৰ ভোটদান কৰিব। বিজেপি দলৰ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বাবে কোনো ভৱিষ্য দৰ্শন নাই বুলি কেজৰিৱালে অভিযোগ কৰে। আনহাতে, সমষ্টিটোৰ তেওঁৰ প্ৰতিদ্বন্দ্বী পাৰৱেশ বাৰ্মাই এই নির্বাচনত দিল্লীৰ ভোটদাতাসকলে তেওঁৰ দল বিজেপিক বিপুল ভোটত জয়যুক্ত কৰিব বুলি আস্থা প্ৰকাশ কৰে।
Site Admin | January 15, 2025 8:20 PM | Delhi Assembly Election