দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনটোলৈ এই নিৰ্বাচনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। পৰহিলৈ ভোটগ্রহণ হ’বলগীয়া এই নির্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে নির্বাচন আয়োগ তথা প্রশাসনে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ৭০ খন আসনবিশিষ্ট এই বিধানসভা নিৰ্বাচনত মুঠ ৬৯৯গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। অহা ৮ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ ভোটগণনা সম্পন্ন হ’ব।
ভিন ভিন ৰাজনৈতিক দলৰ নেতা আৰু তাৰকা প্ৰচাৰকসকলৰ লগতে প্রার্থীসকলেও বিভিন্ন পন্থা অৱলম্বন কৰি ভোটদাতাসকলক আকৰ্ষিত কৰাৰ চেষ্টাত কোনো ত্রুটি ৰখা নাই। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি জাংপুৰাত এখন ৰাজহুৱা সভাত ভাষণ দিয়ে। আম আদমী পাৰ্টীৰ চৰকাৰে দিল্লীৰ জনসাধাৰণক বিশ্বাঘাটকতা কৰা বুলি অভিযোগ কৰি তেওঁ কয় যে বিগত ১০ বছৰীয়া শাসন কালত দলটোৱে জনসাধাৰণক কেৱল দুর্নীতি, আৱৰ্জনা আৰু দূষিত পানীহে উপহাৰ দিয়া দেখা গ’ল।
দলটোৰ জ্যেষ্ঠ নেতা তথা উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামিয়ে কালি কেৰলবাগ বিধানসভা সমষ্টিত এখন পথসভাত অংশগ্ৰহণ কৰে। আপৰ জ্যেষ্ঠ নেতা তথা পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে আদৰ্শ নগৰ বিধানসভা সমষ্টিত আয়োজিত এখন পথসভাত অংশগ্ৰহণ কৰে। দলটোৰ মুৰববী অৰবিন্দ কেজৰিৱালে আজি বিয়লিৰ ভাগত কেইবাখনো ৰাজহুৱা সভাকে ধৰি প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। দিল্লী কংগ্ৰেছৰ মুৰববী দেৱেন্দ্ৰ য়াদৱেও এই নিৰ্বাচনৰ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি নিৰ্বাচনত জয়লাভ কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে।
নির্বাচন আয়োগে দিল্লী বিধানসভা নিৰ্বাচনৰ লগতে উত্তৰ প্ৰদেশ আৰু তামিলনাডুৰ এটাকৈ সমষ্টিৰ উপনির্বাচনৰ দিনটোত পুৱা ৭ বজাৰ পৰা সন্ধিয়া চাৰে ৬ বজালৈ নিৰ্বাচনী সমীক্ষা প্ৰকাশত বাধা আৰোপ কৰিছে । নিৰ্বাচন আয়োগে জাৰি কৰা এখন অধিসূচনাত টিভি চেনেল, অনাতাঁৰ কেন্দ্ৰ, সংবাদ সংস্থা আদিকে ধৰি সকলো সংবাদ প্ৰতিষ্ঠানলৈ এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে।
Site Admin | February 3, 2025 6:33 PM | Delhi Election
দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি
