ডাউনলোড
মোবাইল এপ

android apple
signal

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে কাইলৈ বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। প্ৰচাৰ অভিযানৰ সামৰণিৰ দিব চমু চাপি অহাৰ লগে লগে ৰাজনৈতিকত দলসমূহে ভোটদাতাসকলৰ মন জয় কৰাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে। বিভিন্ন দলৰ শীৰ্ষ নেতাসকলে দলীয় প্রার্থীসকলৰ হকে সমর্থন আদায়ৰ বাবে ইখনৰ পিছত সিখনকৈ নিৰ্বাচনী সভা আৰু ৰোড শ্বত ভাগ লৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি আৰ কে পুৰমত দলৰ হৈ প্ৰচাৰ চলাব। একেদৰে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে ৰাজিন্দৰ নগৰ, চান্দনী চ’ক আৰু লক্ষ্মী নগৰত প্ৰচাৰ অভিযানত ভাগ ল’ব। বিজেপিৰ আন এগৰাকী জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কালি দিল্লীৰ বিভিন্ন স্থানত দলৰ হৈ প্ৰচাৰ চলাই আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালে আন্না হাজাৰেৰ
আন্দোলনৰ সময়ত ৰাজনৈতিক দল গঠন নকৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ বুলি অভিযোগ তোলে। তেওঁ লগতে আম আদমী পাৰ্টীৰ চৰকাৰ সুৰা নীতি আৰু জল বোর্ড কেলেংকাৰীকে ধৰি হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰীত জড়িত বুলিও দাবী কৰে।
কংগ্ৰেছ নেতা অজয় মাকেনে আজি দিল্লীত এখন সংবাদমেলত ভাগ ল’ব। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কালি সদৰবাজাৰত এখন নির্বাচনী সভাত অংশ লৈ দেশে ঘৃণা আৰু হিংসা তথা মৰম-ভালপোৱা আৰু ভাতৃত্ববোধৰ আদৰ্শৰ যুঁজ প্ৰত্যক্ষ কৰা বুলি দাবী কৰে। কংগ্ৰেছ সংবিধানৰ সুৰক্ষাৰ প্ৰতি বদ্ধপৰিকৰ বুলি তেওঁ উল্লেখ কৰে। কংগ্ৰেছ সাংসদ প্রিয়ংকা গান্ধী ৱাদ্রায়ো কালি চান্দনী চ’কৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। দিল্লী বিধানসভাৰ ৭০ টা সমষ্টিৰ আটাইকেইটাতে ৮৫ বছৰ আৰু ইয়াৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলে ঘৰৰ পৰাই ভোটদানৰ সুবিধা ব্যাপকভাৱে গ্ৰহণ কৰিছে। দিল্লীৰ মুখ্য নির্বাচনী বিষয়াই এটা বিবৃতিযোগে যোৱা ৩১ জানুৱাৰীলৈকে ঘৰৰে পৰা ভোটদান সুবিধাৰ বাবে পঞ্জীকৃত মুঠ ভোটদাতাৰ ৯২ শতাংশই ভোটদান কৰা বুলি প্ৰকাশ কৰিছে। ইয়াৰে ভিতৰত পাঁচ হাজাৰ ৯৮২ গৰাকী জ্যেষ্ঠ আৰু ৯৯৮ গৰাকী দিব্যাংগ ভোটাৰ আছে। ২৪ জানুৱাৰীত আৰম্ভ হোৱা এই সেৱা নিয়মীয়া ভোটগ্ৰহণৰ এদিন পূৰ্বলৈ অৰ্থাৎ মঙলবাৰলৈ উপলব্ধ হ’ব। দিল্লী বিধানসভাৰ বাবে বুধবাৰে ভোটগ্ৰহণ কৰা হ’ব আৰু ৮ ফেব্ৰুৱাৰীত ভোট গণনা কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক