৭০ জনীয়া দিল্লী বিধানসভা নির্বাচনলৈ মাজত মাত্ৰ ৪ দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। প্রায় আটাইবোৰ প্ৰধান ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে উঠি-পৰি লাগিছে। বিজেপি, আম আদমী পাৰ্টী আৰু কংগ্ৰেছৰ আগশাৰীৰ নেতাসকলে দলীয় প্রার্থীৰ হকে জনসাধাৰণৰ সমৰ্থন আদায়ৰ বাবে জনসভা আৰু ৰোড শ্ব’ত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাসকলৰ ঘৰে ঘৰে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে।বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি দ্বাৰকা অঞ্চলত এখন প্ৰচাৰ সভাত ভাগ ল’ব। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামি, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং ছাইনী, কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰি, উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সম্রাট চৌধুৰীকে ধৰি বিজেপিৰ অন্যান্য নেতাসকলে দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। আম আদমী পাৰ্টীৰ আহ্বায়ক অৰবিন্দ কেজৰিৱাল, আপৰ জ্যেষ্ঠ নেতা তথা পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু আপৰ সাংসদ সঞ্জয় সিঙেও বিভিন্ন সমষ্টিত নির্বাচনী প্ৰচাৰত অংশ ল’ব। জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি মাদিপুৰত দলীয় প্ৰাৰ্থীৰ সমৰ্থনত এটা ৰেলীত অংশ ল’ব। কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধীয়ে নাংলৈ আৰু মুস্তাফাবাদত ৰোড শ্বত ভাগ ল’ব। ৰাষ্ট্ৰীয় ৰাজধানীখনত অহা ৫ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ৮ ফেব্ৰুৱাৰীত ভোটগণনা কৰা হ’ব।
Site Admin | January 31, 2025 3:42 PM | Delhi Election | Election | Political News
দিল্লী বিধানসভা নির্বাচনলৈ মাজত মাত্ৰ ৪ দিন বাকী
