কেন্দ্ৰীয় চৰকাৰে পিঁয়াজৰ বৰ্ধিত মূল্য লৈ চাই আজিৰে পৰা ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লী আৰু মুম্বাইত প্ৰতি কিলোগ্ৰামত ৩৫ টকা মূল্যত পিঁয়াজৰ বিক্ৰী আৰম্ভ কৰিছে৷ ভ্ৰাম্যমাণ বাহন আৰু ভাৰতীয় ৰাষ্ট্রীয় সমবায় উপভোক্তা সংঘ লিমিটেডৰ খুচুৰা বিক্ৰী কেন্দ্ৰ ই-কমার্চ মঞ্চ আৰু কেন্দ্ৰীয় ভাণ্ডাৰ তথা ছফলৰ দোকানৰ জৰিয়তে পিঁয়াজৰ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে অনাগত সময়ত ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লী আৰু মুম্বাইৰ উপৰি গুৱাহাটী, কলকাতা, ভূবনেশ্বৰ, হায়দাবাদ, চেন্নাই, বাংগালুৰু, আহমেদাবাদ আৰু ৰায়পুৰত ৰেহাই মূল্যত পিঁয়াজ বিক্ৰীৰ ব্যৱস্থা কৰিব।
Site Admin | September 5, 2024 8:33 PM | Dehi | Onion Export
দিল্লী আৰু মুম্বাইত প্ৰতি কিলোগ্ৰামত ৩৫ টকা মূল্যত পিঁয়াজৰ বিক্ৰী আৰম্ভ কেন্দ্ৰীয় চৰকাৰৰ
