April 22, 2024 7:55 PM | Padma award

printer

দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান কৰিছে। সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত এই বিশেষ অনুষ্ঠানত শ্ৰীমতী মুৰ্মুৱে প্ৰাক্তন উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু ভাৰত নাট্যমৰ বিশিষ্ট শিল্পী ডº পদ্মা সুব্রমণ্যমক পদ্ম বিভূষণ সন্মান প্রদান কৰে। আনহাতে বিন্দেশ্বৰ পাঠকক মৰণোত্তৰভাৱে পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হয়। অভিনেতা মিথুন চক্ৰৱৰ্তী আৰু সংগীত শিল্পী উষা উথুপে আজি সন্মানীয় পদ্ম ভূষণ বঁটা গ্ৰহণ কৰে। অসমৰ পৰা হস্তী বিশেষজ্ঞ পাৰ্বতী বৰুৱা, চিৰাঙৰ প্ৰগতিশীল কৃষক সৰ্বেশ্বৰ বসুমতাৰী আৰু দৰঙৰ সুকন্নানী শিল্পী দ্রোন ভূঞাক পদ্ম ভূষণ সন্মানেৰে সন্মানিত কৰা হৈছে। পদ্ম ভূষণ বঁটাপ্ৰাপক আন আন ব্যক্তিসকল হ’ল- সমাজসেৱক ডº সীতাৰাম জিন্দাল, হৃদৰোগ বিশেষজ্ঞ ডা- তেজছ মধুসূদন পেটেল আৰু উত্তৰ প্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল ৰাম নাইক। উল্লেখযোগ্য যে দেশৰ সর্বোচ্চ সন্মান পদ্ম বঁটাসমূহ পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী এই তিনিটা শিতানত প্ৰদান কৰা হয়। কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, ঔষধ, সাহিত্য আৰু শিক্ষা, ক্রীড়া আৰু অসামৰিক সেৱা আদি বিভিন্ন শিতানত পদ্ম বঁটাসমূহ প্ৰদান কৰা হয়। প্ৰতি বছৰে গণতন্ত্ৰ দিৱসৰ দিনা এই বঁটাসমূহ ঘোষণা কৰা হয় ৷

 

অধিক পঢ়ক

সকলো চাওক