দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে আজি পুৱাৰ ভাগত উপৰাজ্যপাল ভি কে চাক্সেনাক সাক্ষাৎ কৰি পদত্যাগপত্র দিয়ে। যোৱা বছৰ ছেপ্টেম্বৰত আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ কৰাৰ পাছত আতিশীয়ে মুখ্যমন্ত্ৰীৰ আসনত অধিস্থিত হৈছিল। উল্লেখযোগ্য যে, কালি ঘোষিত দিল্লী বিধানসভা নিৰ্বাচনত আম আদমী পার্টীয়ে ২২খন আসনতহে বিজয় সাব্যস্ত কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত দিল্লীৰ উপৰাজ্যপাল ভি কে চাক্সেনাই কালিৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰীয় ৰাজধানীখনৰ সপ্তম বিধানসভা ভংগ কৰে৷ উল্লেখযোগ্য যে, কালি ঘোষিত ফলাফল অনুসৰি বিজেপিয়ে ৭০ জনীয়া দিল্লী বিধানসভাৰ ৪৮ খন আসনত জয়লাভ কৰে। এই বৃহৎ জয়েৰে ৰাষ্ট্ৰীয় ৰাজধানীখনত ২৬ বছৰ পাছত বিজেপি পুনৰ ক্ষমতালৈ আহিছে। এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছে এখন আসনতো জয়লাভ কৰিবলৈ সমৰ্থ নহল। বিজেপিৰ পৰা জয়লাভ কৰা উল্লেখযোগ্য নেতাসকলৰ ভিতৰত আছে নতুন দিল্লীত পৰবেশ ছাহিব সিং, জুনপুৰাৰ পৰা তৰবিন্দ সিং মাৰোৱা, কাৰৱাল নগৰৰ পৰা কপিল মিশ্র, ৰোহিনীৰ পৰা বিজেন্দ্ৰ গুপ্তা, ৰজৌৰি গার্ডেনৰ পৰা মনজিন্দৰ সিং চিৰছা গান্ধীনগৰৰ পৰা অৰবিন্দ সিং লাভলী, গ্ৰেটাৰ কৈলাশৰ পৰা শিখা ৰয় আৰু মটি নগৰৰ পৰা হাৰিষ খুৰানা। আম আদমী পাৰ্টীৰ পৰা জয়ী হোৱা নেতাসকলৰ ভিতৰত আছে কালকাজি সমষ্টিৰ পৰা মুখ্যমন্ত্ৰী আতিছি, সবাজাৰত সোম দত্ত, বাবৰপুৰত গোপাল ৰায়, দিল্লী চাউনীৰ পৰা বিৰেন্দৰ সিং কাৰিয়ান, কন্দলী আসনখনৰ পৰা কুলদীপ কুমাৰ, তিলক নগৰৰ পৰা জার্নেল সিং, বল্লীমাৰানৰ পৰা ইমৰাণ হুছেইন আৰু ছুলতানপুৰ মাজৰা সমষ্টিৰ পৰা মুকেশ কুমাৰ আহ্বাৱাট। নিৰ্বাচনত পৰাজয় বৰণ কৰা আগশাৰীৰ নেতাসকলৰ ভিতৰত আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, মনিষ চিছোডিয়া, সৌৰভ ভৰদ্বাজ, দুর্গেশ পাঠক, কংগ্ৰেছৰ সন্দীপ দিক্ষীত আৰু বিজেপিৰ ৰমেশ বিধূৰি তথা ৰাজ কুমাৰ আনন্দ অন্যতম। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিদেশ ভ্ৰমণৰ পৰা ঘুৰি অহাৰ পাছতে অহা সপ্তাহত দিল্লীত বিজেপিয়ে চৰকাৰ গঠনৰ বাবে উপৰাজ্যপালক দাবী জনাব বুলি দলৰ সূত্ৰই জানিবলৈ দিয়ে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ শচদেৱে কয়, যে বিজেপিয়ে জনসাধাৰণক দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিব আৰু দিল্লীক এখন উন্নত ৰাজধানী হিচাপে গঢ়ি তুলিবলৈ কাম কৰি যাব।
Site Admin | February 9, 2025 6:54 PM | Delhi CM Resignation
দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীৰ উপৰাজ্যপাল ভি কে চাক্সেনাৰ ওচৰত পদত্যাগপত্র দাখিল
