দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰীৰ পদৰ পৰা দুদিনৰ পাছত পদ ত্যাগ কৰিব বুলি ঘোষণা কৰিছে। আজি দলৰ কাৰ্যালয়ত অনুষ্ঠিত এটা কাৰ্যসূচীত আম আদমী পাৰ্টীৰ নেতাগৰাকীয়ে এই সিদ্ধান্ত অৱগত কৰে। শ্ৰীকেজৰিৱালে অহা কেইদিনমানৰ ভিতৰতে আম আদমী পাৰ্টীৰ বিধায়কসকলৰ এখন বৈঠক অনুষ্ঠিত কৰি নতুন মুখ্যমন্ত্ৰী সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব বুলিও জানিবলৈ দিয়ে। তেওঁ লগতে অহা বছৰ ফেব্ৰুৱাৰীত হ’বলগীয়া দিল্লী বিধানসভাৰ নিৰ্বাচন নৱেম্বৰত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ সৈতে অনুষ্ঠিত কৰিবলৈ দাবী জনায়। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত থকা আম আদমী পাৰ্টীৰ কার্যালয়ত দলীয় কর্মীক সম্বোধন কৰি শ্ৰীকেজৰিৱালে কয় যে, জনসাধাৰণে ৰায় নিদিয়ালৈকে তেওঁ মুখ্যমন্ত্ৰীৰ আসনত নবহে। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে দিল্লী আৱকাৰী নীতি গোচৰত যোৱা শুকুৰবাৰে শ্ৰীকেজৰিৱালক জামিন প্রদান কৰিছে।
Site Admin | September 15, 2024 8:33 PM | Arbinda kajriwal