উচ্চতম ন্যায়ালয়ে আজি দিল্লী সুৰা নীতি কেলেংকাৰীৰ সৈতে জড়িত ক’লা ধন বৈধকৰণ গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ২১ দিনৰ বাবে অন্তর্বর্তী জামিন প্ৰদান কৰে। সৰ্বোচ্চ ন্যায়ালয়ে আম আদমী পাৰ্টীৰ মুৰীগৰাকীক সাতটা পৰ্য্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ সমাপ্ত হোৱাৰ এদিন পাছত ২ জুনত আত্ম-সমৰ্পণ কৰিবলৈ কৈছে। শ্ৰীকেজৰিৱালে লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে কাৰাগাৰৰ পৰা মোকলাই দিবলৈ অনুৰোধ জনাইছিল। উচ্চতম ন্যায়ালয়ে লগতে কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত বিধি বলবৎকাৰী সঞ্চালয়ৰ বিলম্বক লৈও প্ৰশ্ন উত্থাপন কৰে। ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপাংকৰ দত্তাক লৈ গঠিত এখন বিচাৰপীঠে কয় যে, কেন্দ্রীয় তদন্ত সংস্থাটোৱে ২০২২ চনৰ আগষ্টতে কেজৰিৱালৰ বিৰুদ্ধে প্ৰৱৰ্তন গোচৰৰ তথ্য প্রতিবেদন ৰুজু কৰিছিল যদিও সংস্থাটোৱে যোৱা ২১ মাৰ্চত হে তেওঁক গ্ৰেপ্তাৰ কৰে। জামিনৰ চৰ্ত অনুসৰি, শ্ৰীকেজৰিৱালে মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয় আৰু দিল্লী সচিবালয় ভ্ৰমণ কৰিব নোৱাৰিব। শ্রীকেজৰিৱালে লগতে বৰ্তমানৰ গোচৰৰ ক্ষেত্ৰত নিজৰ ভূমিকা সম্পর্কে কোনো মন্তব্য কৰিব নোৱাৰিব আৰু সাক্ষীসকলৰ সৈতে বাৰ্তালাপ কৰিব নোৱাৰিব । আম আদমী পাৰ্টীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অন্তর্বর্তীকালীন জামিন প্রদানৰ বাবে উচ্চতম ন্যায়ালয়ে লোৱা সিদ্ধান্তক গণতন্ত্ৰ আৰু সংবিধানৰ বিজয় বুলি অভিহিত কৰিছে। দলৰ জ্যেষ্ঠ নেতা গোপাল ৰায়ে কৈছে যে, ন্যায়ালয়ে সংবিধানৰ প্ৰতি বিশ্বাস ৰখা সকলোৰে মনত আশাৰ ৰেঙণি সৃষ্টি কৰিছে। আনহাতে, দলৰ আন এগৰাকী নেতা আতিশীয়ে কেজৰিৱালৰ অন্তবর্তীকালীন জামিনক সত্যৰ জয় বুলি মন্তব্য কৰিছে। কংগ্ৰেছৰ নেতা পৱন খেৰাই উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ প্ৰতি আদৰণি জনাইছে আৰু ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেণেও ন্যায় লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে। ইপিনে, বিজেপি নেতা মজিন্দৰ সিং ছিৰছাই কৈছে যে, উচ্চতম ন্যায়ালয়ে অকল নিৰ্বাচনৰ বাবে কেজৰিৱালক জামিন প্রদান কৰি স্পষ্ট কৰিছে। কেজৰিৱালে পহিলা জুনৰ পাছত কাৰাগাৰলৈ ঘূৰি যাব লাগিব বুলি তেওঁ মন্তব্য কৰে।
Site Admin | May 10, 2024 7:59 PM