আম আদমী পাৰ্টীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদ কৰিবলৈ সামূহিক অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আটিশী, সঞ্জয় সিং তথা গোপাল ৰায়কে ধৰি দলটোৰ নেতাসকলে আজি পুৱা নতুন দিল্লীৰ জন্তৰ-মন্তৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। দলীয় কৰ্মকৰ্তাসকলক সম্বোধন কৰি সঞ্জয় সিঙে কয় যে, ঘটনাটোৰ প্ৰত্যক্ষদৰ্শীৰ সাক্ষী তথা সকলো প্ৰমাণৰ ক্ষেত্ৰত জালিয়াতি কৰা হৈছে। কেন্দ্ৰই চৰকাৰী সংস্থাসমূহৰ অপব্যৱহাৰ কৰা বুলি তেওঁ অভিযোগ তোলে। ইতিমধ্যে অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে চৰকাৰী পুঁজিৰ অপব্যৱহাৰ তথা সুৰা কেলেংকাৰীৰ অভিযোগ উত্থাপিত হোৱা সন্দৰ্ভত নতুন দিল্লীৰ পালিকা মার্কেট অঞ্চলত ভাৰতীয় জনতাপাৰ্টীয়ে প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। দলটোৰ নেতা বনসুৰী স্বৰাজে আপৰ নেতৃত্বৰ দিল্লী চৰকাৰ দুৰ্নীতিগ্ৰস্ত হৈ পৰা বুলি অভিযোগ তোলে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নল সে জল আঁচনিৰ অধীনত পানীৰ সুবিধা আগবঢ়োৱাৰ বিপৰীতে অৰবিন্দ কেজৰিৱালে জল পৰিষদৰ দুৰ্নীতিত লিপ্ত হোৱা বুলি তেওঁ অভিযোগ তোলে ৷
Site Admin | April 7, 2024 8:51 PM | AAP
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত আম আদমী পাৰ্টীৰ সামূহিক অনশন
