দিল্লী চৰকাৰে ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ ৫০ শতাংশ কৰ্মচাৰীৰ বাবে ঘৰৰ পৰা কাম কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ উদ্দেশ্যে মহানগৰীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে আজি বিয়লি এখন বৈঠকৰ আহ্বান কৰিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লীৰ বায়ুৰ গুণগত মান এতিয়াও শোচনীয় হৈ আছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে প্ৰকাশ কৰা মতে আজি দিনৰ ১১ বজাত ৰাষ্ট্ৰীয় ৰাজধানীত বায়ুৰ গুণগত মানৰ হাৰ এ কিউ আই সূচ্যাংক ৪২৭ পোৱা গৈছে। বিভাগীয় তথ্য অনুসৰি দিল্লীৰ অশোক বিহাৰ ষ্টেচনত এ কিউ আই ৪৫৭, আনন্দ বিহাৰত ৪৫৪, জাহাংগীৰপুৰীত ৪৬০, মুন্দ্ৰিকাত ৪৬৩, ৰোহিণীত ৪৫৭, আৰু ৱাজিৰপুৰত এ কিউ আই ৪৬০ পোৱা গৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লীৰ বায়ুৰ মান উন্নত কৰাৰ লগতে ধোঁৱা মিহলি কুঁৱলী আঁতৰ কৰাৰ বাবে প্ৰযুক্তিৰ সহায়েৰে কৃত্ৰিম বৰষুণৰ অনুমতি প্ৰদান কৰিবলৈ দিল্লীৰ পৰিৱেশ মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে। দিল্লীত বায়ুৰ মানৰ অৱনতি ঘটাৰ বাবে ইতিমধ্যে দিল্লী, গাজিয়াবাদ আৰু নয়দাৰ বিদ্যালয়সমূহত অনলাইন পাঠদান আৰম্ভ কৰা হৈছে। দিল্লী বিশ্ববিদ্যালয়, জামিয়া মিলিয়া ইছলামিয়া আদিৰ দৰে বিশ্ববিদ্যালয়সমূহত শনিবাৰলৈকে আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত শুকুৰবাৰলৈকে অনলাইন পাঠদান অব্যাহত থাকিব।
Site Admin | November 20, 2024 5:49 PM | Air Pollution | Delhi pollution