ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দিল্লীৰ বিবেক বিহাৰ চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত হোৱা শিশুসকলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে শ্রীমতী মুর্মুৱে নিহত শিশুসকলৰ পিতৃ-মাতৃৰ লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে আহত শিশুসকলৰ আশু আৰোগ্য কামনা কৰে । উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়েও সদ্যজাত শিশুসকলৰ মৃত্যুত দুখ প্ৰকাশ কৰে। তেওঁ নিহত শিশুসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰি আহত শিশুসকল সোনকালে সুস্থ হৈ উঠাৰ আশা ৰাখে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ যোগে দিল্লীৰ চিকিৎসালখনত সংঘটিত এই অগ্নিকাণ্ডৰ ঘটনাটোক হৃদয় বিদাৰক বুলি ব্যক্ত কৰে। তেওঁ এই কঠিন সময়ছোৱাত শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনায় । শ্রীমোদীয়ে লগতে আহত শিশুসকলৰ আশু আৰোগ্য কামনা কৰে।
Site Admin | May 26, 2024 7:28 PM | Fire Delhi