ডাউনলোড
মোবাইল এপ

android apple
signal

দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ৰেখা গুপ্তাৰ শপত গ্ৰহণ

বিজেপি নেত্ৰী ৰেখা গুপ্তাই আজি দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। দিল্লী বিধানসভাৰ সদ্যসমাপ্ত নিৰ্বাচনত শালিমাৰবাগ সমষ্টিৰ পৰা জয়লাভ কৰা নেত্ৰীগৰাকীয়ে নতুন দিল্লীৰ ঐতিহাসিক ৰামলীলা ময়দানত আয়োজিত এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত লয়। উপ-ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাই শ্ৰীমতী গুপ্তাক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়।

ইয়াৰ পূৰ্বে কালি বিয়লি দিল্লী বিজেপিৰ বিধায়িনী দলৰ নেত্ৰী হিচাপে বাছনি লাভ কৰাৰ পাছত তেওঁ উপ-ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ বাবে দাবী জনায়। সুষমা স্বৰাজ, শীলা দীক্ষিত আৰু আতিশীৰ পাছতে ৰেখা গুপ্তা হৈছে দিল্লীৰ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্রী। মুখ্যমন্ত্ৰীগৰাকীৰ লগতে আজি ৬ গৰাকী কেবিনেট মন্ত্ৰী পাৰভেজ চাহিব সিং, আশীষ সুদ, মনজিন্দৰ সিং চিছা, ৰবিন্দৰ ইন্দ্ৰজ সিং, কপিল মিশ্ৰা আৰু পংকজ কুমাৰ সিঙেও শপত গ্ৰহণ কৰে। আজিৰ শপত গ্রহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপৰি প্ৰায় ২০খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসহ বিজেপিৰ বহুকেইগৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক