দিল্লীত ৱাকফ সংশোধনী বিধেয়ক-২০২৪ বিষয়ক সংসদীয় যুটীয়া কমিটিৰ বৈঠক অনুষ্ঠিত

ৱাকফ সংশোধনী বিধেয়ক-২০২৪ বিষয়ক সংসদীয় যুটীয়া কমিটিৰ এখন বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হয়। বৈঠকত ভাৰতীয় প্ৰত্নতত্ব জৰীপ বিভাগ, জকার্ট ফাউণ্ডেচন অৱ ইণ্ডিয়া আৰু তেলেংগানা ৱাকফ ব’ৰ্ডৰ প্ৰতিনিধিসকলে দিহা-পৰামৰ্শ আগবঢ়ায়। লোকসভাৰ সাংসদ জগদম্বিকা পালৰ অধ্যক্ষতাত গঠন কৰা কমিটিখনত নিম্ন সদনৰ ২১ গৰাকী আৰু উচ্চ সদনৰ ১০ গৰাকী সদস্য আছে। ৱাকফ সংশোধনী বিধেয়ক- ২০২৪ৰ জৰিয়তে ৱাকফ সম্পত্তিৰ প্ৰশাসন আৰু ব্যৱস্থাপনা নিখুঁট কৰি তুলিব বিচৰা হৈছে। বিধেয়কখনত ১৯৯৫ চনত ৱাকফ আইনখনক একীকৃত ৱাকফ ব্যৱস্থাপনা, সৱলীকৰণ, কাৰ্য্য দক্ষতা আৰু উন্নয়ন আইন ১৯৯৫ হিচাপে নামকৰণ কৰাৰ ব্যৱস্থা আছে। বিধেয়কখনত ৱাকফ সম্পত্তিৰ জৰীপৰ বাবে জৰীপ আয়ুক্তৰ ঠাইত জিলাধিপতি অথবা উপ-জিলাধিপতিৰ সমকক্ষ বা তাতকৈ ওপৰৰ পদবীৰ কোনো বিষয়াক মনোনীত কৰাৰ ব্যৱস্থা কৰা হৈছে। বিধেয়কখনত কেন্দ্ৰীয় ৱাকফ পৰিষদ আৰু ৰাজ্যিক ৱাকফ পৰিষদসমূহৰ সদস্যৰ সংখ্যা বৃদ্ধি আৰু পৰিষদসমূহত মুছলমান মহিলা আৰু আন সম্প্ৰদায়ৰ প্ৰতিনিধিত্বৰ ব্যৱস্থা আছে। বিধেয়কখনত বোহৰা আৰু আগাখানি সম্প্ৰদায়ৰ বাবে সুকীয়া পৰিষদ গঠনৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি ৱাকফ সংশোধন-২০২৪ৰ অধীনত চিয়া, চুন্নী, বোহৰা, আগাখানি আৰু অনগ্ৰসৰ মুছলমান শ্ৰেণীৰ সদস্য অন্তর্ভুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে। বিধেয়কখনত দুগৰাকী সদস্যৰে ন্যায়াধিকৰণ গাঁথনিৰ সংস্কাৰ সাধন আৰু ন্যায়াধিকৰণৰ ৰায়ৰ বিৰুদ্ধে ৯০ দিনৰ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত উচ্চ ন্যায়ালয়ত আপীলৰ ব্যৱস্থা আছে। ৱাকফ সংশোধনী বিধেয়ক-২০২৪ লোকসভাৰ ৱেবচাইটত হিন্দী আৰু ইংৰাজী ভাষাত উপলব্ধ। বাজেট অধিৱেশনৰ সময়ত লোকসভাত উত্থাপন কৰা এই বিধেয়কখন সংসদৰ যুটীয়া কমিটিলৈ প্ৰেৰণ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক