■ ৰাসায়নিক আৰু পেট্’ কেমিকেল সচিব নিবেদিতা শুক্লা বার্মাই আজি নতুন দিল্লীত ৪ দিনীয়াকৈ আয়োজিত পুনৰ ব্যৱহাৰযোগ্য আৰু বহনক্ষম প্লাষ্টিক তথা আন্তঃৰাষ্ট্ৰীয় প্রদর্শনী শীর্ষক গোলকীয় অভিৱৰ্তন উদ্বোধন কৰে। এই অভিৱৰ্তনে উদ্যোগসমূহৰ নেতা, ষ্টার্টআপ আৰু পৰিবেশ বিশেষজ্ঞসকলক প্লাষ্টিক উদ্যোগৰ বহন ক্ষমতা লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ শেহতীয়া অগ্ৰগতি আৰু মতাদৰ্শসমূহ প্ৰদৰ্শনৰ ক্ষেত্ৰত এখন বিশেষ মঞ্চ প্ৰদান কৰিব। এই প্ৰদৰ্শনীত বিভিন্ন গোটৰ অংশীদাৰসকলৰ লগতে উদ্যোগসমূহৰ নেতা, উদ্ভাৱক, নীতি নিৰ্ধাৰক আৰু পৰিবেশ বিশেষজ্ঞসকলে একেলগে অংশগ্রহণ কৰিছে। এই প্রদর্শনীয়ে সমগ্র দেশৰে প্লাষ্টিক পুনৰ ব্যৱহাৰকাৰী, যান্ত্ৰিক প্ৰস্তুতকৰ্তা, আৱৰ্জনাৰ সমাধান প্রদানকাৰী, পুনৰ ব্যৱহাৰযোগ্য সামগ্ৰীৰ ব্যৱসায়ী, যোগানকাৰী, বায়’ পলিমাৰ আৰু মিশ্ৰ সাৰ উৎপাদনকাৰী সকলৰ লগতে আন আন বিভিন্ন উদ্যোগীকো আকৰ্ষণ কৰিছে। পুনৰ ব্যৱহাৰযোগ্য প্লাষ্টিক উদ্যোগ ২০৩৩ চন পর্যন্ত ৬৯০ কোটি ডলাৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
Site Admin | July 4, 2024 3:01 PM | Akashvani | Akashvani News | Delhi