দিল্লীত শ্বেইখ হাছিনাৰ দীৰ্ঘকালীন উপস্থিতিয়ে ভাৰত আৰু বাংলাদেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্কত কোনো নেতিবাচক প্ৰভাৱ নেপেলায়ঃ মহম্মদ তৌহিদ হুছেইন

বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহিদ হুছেইনে কৈছে যে দিল্লীত শ্বেইখ হাছিনাৰ দীৰ্ঘকালীন উপস্থিতিয়ে ভাৰত আৰু বাংলাদেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্কত কোনো নেতিবাচক প্ৰভাৱ নেপেলায়। সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে দ্বিপাক্ষিক সম্পর্ক এটা গুৰুত্বপূৰ্ণ বিষয় আৰু ই পৰস্পৰ স্বাৰ্থৰ ওপৰত আধাৰিত। মহম্মদ হুছেইনে ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্ত প্রণয় বার্মাকে ধৰি অন্যান্য কূটনীতিকসকলৰ সৈতে হোৱা কথা-বতৰাৰ পাছত সংবাদকর্মীসকলৰ আগত এই মন্তব্য কৰে। তেওঁ আঙুলিয়াই দিয়ে যে ভাৰতৰ বাংলাদেশৰ সৈতে যিদৰে স্বাৰ্থ আছে ঠিক তেনেকৈ দিল্লীতো ঢাকাৰ স্বাৰ্থ জড়িত আছে। তেওঁ কয় যে বাংলাদেশ চৰকাৰে ভাৰতৰ সৈতে থকা সু-সম্পৰ্কৰ ধাৰাবাহিকতা ৰক্ষা কৰিব।
গৃহ পৰিক্ৰমা উপদেষ্টা বিগ্রেডিয়াৰ জেনেৰেল এম শ্বেখাৱট হুছেইনে বাংলাদেশত সংখ্যালঘু জনগোষ্ঠীৰ ওপৰত চলি থকা আক্ৰমণৰ ঘটনাৰ লগতে সকলোধৰণৰ হিংসা বন্ধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজনৈতিক দলসমূহৰ প্ৰতি আহ্বান জনাইছে।

অধিক পঢ়ক

সকলো চাওক