September 6, 2024 8:39 PM | Piyush Goyal

printer

দিল্লীত ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপৰ বাণিজ্য সন্মিলন-২০২৪ মুকলি কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেলৰ

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে আজি কৈছে যে, ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপৰ অর্থনৈতিক ক’ৰিডৰ চমুকৈ আই এম ই চি হৈছে ভাৰতৰ সামুদ্রিক সুৰক্ষা আৰু ইউৰোপ আৰু এছিয়াৰ মাজত সামগ্ৰীৰ সৰবৰাহ খৰতকীয়া কৰাৰ বাবে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। মন্ত্ৰীগৰাকীয়ে আজি নতুন দিল্লীত ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপৰ বাণিজ্য সন্মিলন-২০২৪ মুকলি কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰতৰ জি টুৱেণ্টিৰ অধ্যক্ষতাৰ সময়ত এই আই এম ই চি মুকলি কৰা হৈছিল। ভাৰত, ইউৰোপ আৰু মধ্য প্ৰাচ্যৰ সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ, চৌদী আৰৱ, জর্দান, ইজৰাইল আৰু ইউৰোপীয় সংঘক একত্ৰিত কৰাৰ উদ্দেশ্যেৰে ইয়াক গঠন কৰা হৈছিল। তেওঁ লগতে কয় যে, এই অঞ্চলত ভাল সহযোগিতা গঢ়ি উঠিলে সামগ্ৰীৰ সৰবৰাহৰ ব্যয় হ্ৰাস, খৰতকীয়া যোগাযোগ আৰু সুকলমে সামগ্ৰী সৰবৰাহ কৰিব পৰা যাব।

অধিক পঢ়ক

সকলো চাওক