দিল্লীত বিশ্ব অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ দিৱস উপলক্ষে দুখন নতুন আঁচনিৰ শুভাৰম্ভ মন্ত্রী জিতন ৰাম মাঝিৰ

কেন্দ্ৰীয় অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্রী জিতন ৰাম মাঝিয়ে কালি নতুন দিল্লীত বিশ্ব অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ দিৱস উপলক্ষে দুখন নতুন আঁচনিৰ শুভাৰম্ভ কৰে। কালি মুকলি কৰা এম এছ এম ই টীম নামৰ আঁচনিখনৰ লক্ষ্য হৈছে— ডিজিটিয় বাণিজ্যৰ মুক্ত নেটৱৰ্কৰ বাবে পাঁচ লাখ অতি ক্ষুদ্ৰ আৰু ক্ষুদ্ৰ উদ্যোগক সুবিধা প্ৰদান কৰা।

Image

ইপিনে কালি মুকলি কৰা য়শস্বিনী শীৰ্ষক উদ্যমে মহিলাৰ মালিকানাধীন অনানুষ্ঠানিক অতি ক্ষুদ্র উদ্যোগসমূহক আনুষ্ঠানিক কৰি গঢ়ি তোলাৰ লগতে প্ৰয়োজনীয় সুবিধা আৰু সাহায্য আগবঢ়াবলৈ গণ সজাগতাৰ গুৰুত্ব আৰোপ কৰিব ৷ বিশ্ব অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ দিৱস উপলক্ষে আয়োজিত উদ্যমী ভাৰত শীৰ্ষক অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে দ্রুতভাৱে পৰিৱৰ্তিত পৰিৱেশত উদ্যোগসমূহে ডিজিটীয় আৰু প্ৰযুক্তিগত উপায়ৰ সহায়েৰে আগবঢ়া উচিত।

Image

তেওঁ কয় যে, চৰকাৰে বৰ্তমান কৰি থকা সংস্কাৰৰ অংশ হিচাপে অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডত আইনী সংস্কাৰে বিশেষ ভূমিকা পালন কৰিব। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, অর্থনৈতিকভাৱে পিছপৰা ব্যক্তিসকলৰ বিকাশ উদ্যোগীকৰণৰ ওপৰত নিৰ্ভৰশীল।

অধিক পঢ়ক

সকলো চাওক