ডাউনলোড
মোবাইল এপ

android apple
signal

দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ আৰু মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্রী মহম্মদ ঘাছান মৌমুনৰ মাজত দ্বিপাক্ষিক বৈঠক

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ আৰু মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্রী মহম্মদ ঘাছান মৌমুনে আজি নতুন দিল্লীত এখন দ্বিপাক্ষিক বৈঠকত প্ৰশিক্ষণ, নিয়মীয়া সামৰিক অনুশীলন, প্ৰতিৰক্ষা প্ৰকল্পকে ধৰি দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰে। বৈঠকত দুয়োপক্ষই ভাৰত-মালদ্বীপ ব্যাপক অর্থনীতি আৰু সামুদ্ৰিক সুৰক্ষা অংশীদাৰিৰ যুটীয়া দৰ্শনৰ গুৰুত্বক অনুধাৱন কৰি একেলগে কাম কৰাৰ বাবে পুনৰ প্ৰতিশ্ৰুতিবদ্ধ হয়। প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীসিঙে কেন্দ্ৰীয় চৰকাৰৰ চুবুৰীয়া প্ৰথম নীতিৰ অংশ হিচাপে মালদ্বীপৰ প্ৰতিৰক্ষা সামৰ্থ বৃদ্ধি কৰাৰ ক্ষেত্ৰত ভাৰতে সমর্থন আগবঢ়াই যাব বুলি আশ্বাস দিয়ে। একেদৰে ঘাছান মৌমুনে মালদ্বীপৰ ক্ষেত্ৰত ভাৰতে সদায়েই প্ৰথম সহাৰি প্ৰদান কৰি অহাৰ বাবে ভাৰত চৰকাৰৰ শলাগ লয়। তেওঁ লগতে ভাৰত চৰকাৰক মালদ্বীপৰ ৰাজধানী মালেত প্ৰতিৰক্ষা আৰু নিৰাপত্তা বাহিনীৰ প্ৰশিক্ষণ আৰু অত্যাধুনিক আন্তঃগাথনিৰ ব্যৱস্থা কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীসিঙে এই বৈঠক ফলপ্রসূ আছিল বুলি উল্লেখ কৰি কয়, যে এই আলোচনাই ভাৰত-মালদ্বীপৰ সম্পৰ্কত নতুন গতি প্ৰদান কৰিব। তেওঁ কয়, যে বৈঠকত প্ৰতিৰক্ষা সহযোগিতা সূদৃঢ় কৰি তোলাৰ ক্ষেত্ৰত ভালেমান বিষয়ত আলোচনা কৰা হয় যিসমূহে মালদ্বীপৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাহিনীৰ সামৰ্থ বৃদ্ধিত সহায় কৰিব। তিনি দিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ অহা মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এই সময়ছোৱাও গোৱা আৰু মুম্বাই ভ্ৰমণ কৰিব। উল্লেখযোগ্য যে, ভাৰত আৰু মালদ্বীপৰ মাজত আধ্যাত্মিক ঐতিহাসিক, ভাষিক আৰু জনগোষ্ঠীয় দিশত বিশেষ সম্পর্ক আছে। ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিত মালদ্বীপে বিশেষ স্থান দখল কৰিছে আৰু ইয়াৰ জৰিয়তে ভাৰত মহাসাগৰীয় খণ্ডত স্থিৰতা আৰু সমৃদ্ধি অনাৰ ক্ষেত্ৰত কাম কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক