দিল্লীত জলসংকট অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত মহানগৰখনৰ জনসাধাৰণে পানী বিতৰণ কেন্দ্ৰসমূহত গোট খাইছে। ৰাজধানী নগৰখনৰ বাসিন্দাসকলে পানী বিতৰণ কেন্দ্ৰসমূহৰ পৰা প্লাষ্টিকৰ যতন আৰু বাল্টিৰে পানী সংগ্ৰহৰ বাবে গোট খোৱা দেখা গৈছে। দিল্লী মহানগৰৰ বিভিন্ন এলেকা যেনে – সংগম বিহাৰ, মেহৰুলি, বসন্ত বিহাৰ, ওখলা, বসন্তকুঞ্জ, চাণক্যপুৰী, নাৰেলা, ৰোহিনী, উত্তম নগৰ, জনকপুৰী, বিকাশপুৰী, মতিনগৰ, পেটেল নগৰ, চাটাৰপুৰ, বাৰৱাল নগৰ, মুখার্জী নগৰ, গীতা ক’লনি, কৃষ্ণা নগৰ আৰু শ্বাহদাৰা এলেকাত ব্যাপক জলসংকটে দেখা দিছে। এনে পৰিস্থিতিত মহানগৰখনত প্ৰতিবাদ, ধ্বংসাত্মক ঘটনা আৰু ৰাজনৈতিক সংঘাতৰ সূচনা হৈছে। এন ডি এম চি এলেকাতো পানীৰ তীব্ৰ নাটনি হৈছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথোপথন এন ডি এম চিৰ উপ-সঞ্চালক সতীশ উপাধ্যায়ে দিল্লী চৰকাৰক টেংকাৰ মাফিয়া, টেঙাৰ মাফিয়া আৰু দুৰ্নীতিগ্ৰস্ত লোকসকলৰ সৈতে মিতিৰালি কৰে বুলি অভিযোগ কৰে। তেওঁ জনসাধাৰণ আৰু সংস্থাসমূহক বিবেচনামৰ্মে পানী খৰচ কৰিবলৈ আহ্বান জনায়। অন্যহাতে দিল্লী চৰকাৰে দিল্লী পানীৰ নাটনি প্ৰসংগত হাৰিয়ানাৰ বিজেপি চৰকাৰ ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে। কালি সংবাদ মাধ্যমক সম্বোধন কৰি আম আদমী পাৰ্টিৰ নেতা গোপাল ৰায়ে কৈছে যে, ৱাজিৰাবাদ নৈখন শুকাই গৈছে। তেওঁ অভিযোগ কৰে যে, উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ স্বত্বেও হাৰিয়ানাত বিজেপি চৰকাৰে দিল্লীৰ পানীৰ অংশভাগ জব্দ কৰি ৰাখি থৈছে।
Site Admin | June 19, 2024 8:45 PM | water crisis