দক্ষতা বিকাশ আৰু উদ্যমশীলতা দপ্তৰৰ ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে আজি আজি নতুন দিল্লীত পৰিবহণ আৰু দক্ষতাৰ বিকাশ সন্দৰ্ভত ব্যক্তিগত খণ্ডৰ এটা ফুড এগ্রেগেটৰ অৰ্থাৎ খাদ্য সামগ্রী বিতৰণ আৰু ক্রেতাসকলক স্থানীয় ৰেষ্টোৰাঁ আদিৰ সৈতে সংযুক্ত কৰা এক প্ৰকাৰৰ অনলাইন মঞ্চৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয় যে, নতুন প্ৰযুক্তিৰ প্ৰচলনৰ ফলত ব্যৱসায়ৰ বাবে দক্ষতাৰ বিকাশ অপৰিহাৰ্য্য হৈ পৰিছে। পৰিবহণৰ ভৱিষ্যৎ সন্দৰ্ভত মত প্ৰকাশ কৰি শ্ৰী চৌধুৰীয়ে কয় যে, আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়ন তথা গোলকীয় ব্যৱসায়ত ভাৰতৰ বৰ্ধিত অৱদানে দেশক ২০৪৭ চনৰ ভিতৰত উন্নত ৰাষ্ট্ৰৰূপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব।
Site Admin | September 7, 2024 9:09 PM | Akashvani | Akashvani News | Delhi
দিল্লীত খাদ্য সামগ্রী বিতৰণ আৰু ক্রেতাসকলক স্থানীয় ৰেষ্টোৰাঁ আদিৰ সৈতে সংযুক্ত কৰা এক অনলাইন মঞ্চৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ মন্ত্ৰী জয়ন্ত চৌধুৰীৰ
