ডাউনলোড
মোবাইল এপ

android apple
signal

দিল্লীত কেইবাটাও উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত কেইবাটাও উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। তেওঁ অশোক বিহাৰৰ বস্তি এলেকাত বাস কৰা লোকৰ বাবে নিৰ্মাণ কৰা প্ৰায় ১,৭০০টা বাসগৃহ মুকলি কৰে আৰু যোগ্য হিতাধিকাৰী সকলক বাসগৃহৰ চাবি প্ৰদান কৰে।

ImageImage

শ্রীমোদীয়ে বাসগৃহ লাভ কৰা হিতাধিকাৰীসকলৰ সৈতে কথা-বতৰাত মিলিত হোৱাৰ লগতে বাসগৃহসমূহ পৰিদৰ্শনো কৰে। এই নৱনিৰ্মিত বাসগৃহসমূহৰ উদ্বোধনৰ লগে লগে দিল্লী উন্নয়ন প্ৰাধিকৰণৰ বস্তি এলেকাত পুনর্বাস প্ৰকল্পৰ দ্বিতীয় পর্যায় সম্পূৰ্ণ হ’ল। বস্তি এলেকাত বাস কৰা লোকসকলক প্রয়োজনীয় সা-সুবিধাসহ জীৱন ধাৰণৰ বাবে উন্নত আৰু স্বাস্থ্যসন্মত বাতাবৰণ প্ৰদান কৰাই এই প্ৰকল্পৰ মূল উদ্দেশ্য।
এই অনুষ্ঠানতে প্রধানমন্ত্রীয়ে নৌৰ’জি নগৰৰ বিশ্ব বাণিজ্য কেন্দ্ৰ আৰু সৰোজিনী নগৰৰ সাধাৰণ পুলৰ টাইপ টু আবাস পুনৰ উন্নয়ন প্রকল্পও উদ্বোধন কৰে। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী মোদীয়ে দ্বাৰকা নগৰত প্রায় ৩০০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ সংহত কার্যালয়ো উদ্বোধন
কৰে।
প্রধানমন্ত্রীয়ে দিল্লী বিশ্ববিদ্যালয়ত ৬০০ কোটি টকা ব্যয় সাপেক্ষ তিনিটা নতুন প্রকল্পৰ আধাৰশিলাও স্থাপন কৰে। প্ৰধানমন্ত্রী মোদীয়ে পূব দিল্লীৰ সুৰজমল বিহাৰত থকা পূব চৌহদ আৰু দ্বাৰকাৰ পশ্চিম চৌহদত একোটাকৈ শৈক্ষিক খণ্ডৰ আধাৰশিলা স্থাপন কৰে। তেওঁ লগতে নজফগড়ৰ ৰৌচনপুৰত বীৰ ছাৱাৰকাৰ মহাবিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰে ৷
আজিৰ এই প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২০২৫ বৰ্ষটো হৈছে বিশ্বত ভাৰতৰ স্থিতি শক্তিশালী প্রতিপন্ন কৰাৰ বছৰ। ভাৰত বৰ্তমান ৰাজনৈতিক আৰু অৰ্থনৈতিক স্থিৰতাৰো প্ৰতীক হৈ পৰিছে বুলি শ্ৰীমোদীয়ে মত প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক