প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এন ডি এৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ এখন বৈঠকত অধ্যক্ষতা কৰে। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং আৰু জে পি নড্ডাও এই বৈঠকত উপস্থিত থাকে। বৈঠকত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নবিচ তথা উপ-মুখ্যমন্ত্রীদ্বয় একনাথ সিন্দে আৰু অজিত পাৱাৰ, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু তথা উপ-মুখ্যমন্ত্রী পৱন কল্যাণ, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, মধ্য প্ৰদেশৰ মুখ্যমন্ত্রী মোহন য়াদৱ, ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য্য, বিহাৰৰ উপ-মুখ্যমন্ত্রী বিজয় সিনহা উপস্থিত থাকে।
Site Admin | February 20, 2025 8:13 PM | Modi | Narendra | PM Modi
দিল্লীত এন ডি এৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ বৈঠকত প্রধানমন্ত্ৰী মোদীৰ অধ্যক্ষতা
