দিল্লীত ই-মাইগ্ৰেট ৱি টু পইণ্ট জিৰো ৱেৱপোৰ্টেল তথা মোবাইল এপ মুকলি

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে আজি নতুন দিল্লীত ই-মাইগ্ৰেট ৱি টু পইণ্ট জিৰো ৱেৱপোৰ্টেল তথা মোবাইল এপ মুকলি কৰে। এই পোৰ্টেলটোৰ জৰিয়তে ভাৰতীয় প্ৰব্ৰজনকাৰীসকলৰ বাবে নিৰাপদ আৰু বৈধভাৱে আহ-যাহৰ সূচলতাৰ ব্যৱস্থা কৰা হ’ব। অনুষ্ঠানত ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে, এই পোৰ্টেলটো মুকলি হোৱাৰ জৰিয়তে ভাৰতীয় নাগৰিকসকলৰ নিৰাপদ, স্বচ্ছ তথা সৰ্বাত্মক আহ-যাহৰ সুবিধা সৃষ্টি কৰাৰ প্ৰতি চৰকাৰৰ প্ৰচেষ্টা প্রতিফলিত হৈছে।

Image

তেওঁ লগতে কয় যে পোৰ্টেলটো পুনৰ সজ্জিত কৰাৰ জৰিয়তে বিদেশত ভাৰতীয় কৰ্মচাৰীসকলৰ মৰ্যদা তথা অধিকাৰ সুৰক্ষা কৰাৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰতিফলিত হৈছে। মন্ত্ৰীগৰাকীয়ে সদৰি কৰা অনুসৰি জনসাধাৰণৰ সুশৃংখল, নিৰাপদ আৰু নিয়মিত তথা দায়িত্বপূর্ণ প্ৰব্ৰজন তথা আহ-যাহৰ সূচলতা সংবর্ধন কৰা বহনক্ষম উন্নয়নৰ লক্ষ্যৰ ২০৩০ ৰ কাৰ্যসূচীৰ ১০ টা উদ্দেশ্যৰ সৈতে সংগতি ৰাখি এই পোৰ্টেলটো মুকলি কৰা হৈছে।

Image

কোনো বিশেষ ক্ষেত্ৰত দক্ষতা থকা কৰ্মচাৰীসকলৰ বিশ্বজুৰি প্ৰয়োজন আছে। তেওঁ লগতে কয় যে, বিশ্বৰ বিভিন্ন প্ৰান্তত কৰ্ম দক্ষ তথা সুপ্রশিক্ষিত কৰ্মচাৰীৰ প্ৰয়োজন সদায় বৃদ্ধি হৈ থাকিব। ২০১৫ চনৰ পৰা ভাৰতে প্ৰব্ৰজন তথা আহ-যাহৰ ক্ষেত্ৰত বিভিন্ন দেশৰ সৈতে কৰি থকা বুজাবুজি সন্দৰ্ভতো তেওঁ আলোকপাত কৰে।

Image

মন্ত্ৰীগৰাকীয়ে কয় যে, বিদেশত বসবাস কৰা তথা শিক্ষাগ্ৰহণৰ উদ্দেশ্যে বিদেশ ভ্ৰমণ কৰা লোকসকলৰ সূচলতা সুনিশ্চিত কৰা তথা তেওঁলোকৰ কল্যাণ সাধন কৰা হৈছে চৰকাৰৰ বৈদেশিক নীতিৰ অন্যতম প্ৰধান লক্ষ্য। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে বিগত কেইটামান বছৰত প্ৰায় দুগুণ লোকক পাৰপত্ৰ প্ৰদান কৰা হৈছে। তেওঁ লগতে কয় যে, মন্ত্রালয়ে ই মাইগ্রেট পোৰ্টেলৰ সূচলতা বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰযুক্তি ত্বৰান্বিত কৰিছে। এই পোৰ্টেলটোৰ জৰিয়তে প্ৰব্ৰজনকাৰীসকলে সামাজিক নিৰাপত্তা লাভ কৰিব বুলিও তেওঁ প্ৰকাশ কৰে৷

অধিক পঢ়ক

সকলো চাওক