দিব্যাংগ সবলীকৰণ বিভাগে দিব্যাংগসকলৰ সক্ষমতা বৃদ্ধিৰ বাবে কাম কৰি থকা সংস্থাসমূহক ৰাষ্ট্ৰীয় পুৰস্কাৰৰ আবেদন প্ৰক্ৰিয়াৰ বাবে আমন্ত্ৰণ জনাইছে। সামাজিক ন্যায় আৰু অধিকাৰীতা বিভাগে দিব্যাংগসলকৰ উদ্দেশ্যে কাম কৰা সংগঠনসমূহক উৎসাহিত কৰি পৰিচয় প্ৰদান কৰাৰ উদ্দেশ্যে এই পুৰস্কাৰসমূহ প্ৰদান কৰা হয় বুলি প্ৰকাশ কৰে। প্ৰতি বছৰে ৩ ডিচেম্বৰত আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে দিব্যাংগসকলৰ উন্নতিৰ উদ্দেশ্যে কাম কৰা ব্যক্তি, সংস্থা, সংগঠন, ৰাজ্য আৰু জিলাসমূহক এই পুৰস্কাৰ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় পুৰস্কাৰৰ বাবে অন লাইন আবেদন চলিত মাহৰ ৩১ তাৰিখলৈ খোলা আছে।
Site Admin | July 12, 2024 6:31 PM