ডাউনলোড
মোবাইল এপ

android apple
signal

August 23, 2024 11:15 AM | PM Ukraine Visit

printer

দিনজোৰা ভ্ৰমণসূচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইউক্রেইনলৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনজোৰা ভ্ৰমণসূচীৰে ইউক্রেইনত উপস্থিত হ’ব। ভ্রমণকালত শ্ৰী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলনস্কীৰ সৈতে আছুতীয়া আৰু প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ’ব। এই বৈঠকত ইউক্রেইনৰ সংঘৰ্ষৰ সমাধান সূত্ৰ উলিওৱাৰ উপায়ক লৈ আলোচনা হ’ব। সংঘৰ্ষজৰ্জৰ দেশখন ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ভাৰতে যুদ্ধৰ জৰিয়তে কোনো সমস্যাৰ সমাধান কৰিব পৰা নাযায় বুলি দৃঢ়তাৰে বিশ্বাস কৰে। তেওঁ লগতে ভাৰত অঞ্চলটোলৈ শান্তি-সুস্থিৰতা ঘূৰাই অনাৰ বাবে সম্ভাব্য সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়বলৈ সাজু বুলি মন্তব্য কৰে। পোলেণ্ড ভ্রমণ সামৰি প্ৰধানমন্ত্ৰী মোদী কটকটীয়া সুৰক্ষাৰ মাজত ৰে’লেৰে ইউক্রেইনৰ ৰাজধানী কীভ অভিমুখে ৰাওনা হৈছে। তেওঁ প্ৰায় ১০ ঘণ্টা জোৰা যাত্ৰাৰ অন্তত কীভত উপস্থিত হ’ব।

অধিক পঢ়ক

সকলো চাওক