দিছপুৰত সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ বিভিন্ন দাবী সন্দৰ্ভত সন্থাৰ বিষয়াবৰ্গৰ সৈতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ আলোচনা

যোগান আৰু ৰাজহুৱা বিতৰণ বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি দিছপুৰত সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ বিভিন্ন দাবী সন্দৰ্ভত সন্থাৰ বিষয়াবৰ্গৰ সৈতে আলোচনাত মিলিত হয়। সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ দাবীসমূহ শুনাৰ অন্তত মন্ত্ৰী শ্ৰীদাসে সন্থাই ২০০৮ চনৰ পৰা ২০১৫ চনলৈ প্ৰাপ্য ধন নোপোৱা সন্দৰ্ভত তদন্ত কৰিবলৈ নির্দেশ দিয়ে।

উল্লেখযোগ্য যে ২০০৮ চনৰ পৰা ২০১৫ চনলৈ অন্ন সুৰক্ষা যোজনা আঁচনিৰ অধীনত সুলভ মূল্যৰ ব্যৱসায়ীসকলে পৰিবহন ব্যয়ৰ বাবদ ১১ কোটি ২৫ লাখ টকা পাবলগীয়া আছে। আনহাতে, ২০১০ চনৰ পৰা ২০১৫ চনলৈ মুখ্যমন্ত্ৰী অন্ন সুৰক্ষা যোজনাত সুলভ মূল্যৰ ব্যৱসায়ীসকলে ৭ কোটি ২১ লাখ টকা পাবলগীয়া আছে। সুলভ মূল্যৰ ব্যৱসায়ীসকলে যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা পাবলগীয়া কমিছনৰ ধন ১৮০ কোটি টকা কেন্দ্ৰীয় চৰকাৰে দিয়াৰ পাছত ৰাজ্য চৰকাৰে সেই ধন মুকলি কৰি দিয়া বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও সুলভ মূল্যৰ ব্যৱসায়ীসকলক ৬০ কোটি টকা মুকলি কৰি দিয়া হ’ব বুলি তেওঁ লগতে উল্লেখ কৰে। তেওঁ কয় যে এই ধনৰাশি তেওঁলোকে আগন্তুক নৱেম্বৰ মাহলৈকে প্ৰতি মাহৰ কমিছন হিচাপে জিলা আয়ুক্তৰ জৰিয়তে পোনপটীয়াকৈ বেংক একাউণ্টত লাভ কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই দায়িত্ব গ্ৰহণ কৰাৰ পাছত ২০২১ চনৰ ৩০ জুনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত সুলভ মূল্যৰ ব্যৱসায়ীসকলক ২০১৯ চনৰ এপ্ৰিল মাহৰ পৰা ১৪৩ টকাকৈ আদায় দি অহা হৈছে। আজিৰ বৈঠকত সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ বিষয়ববীয়াৰ লগতে বিভিন্ন জিলাৰ ৩৫গৰাকী প্রতিনিধি উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক