June 20, 2024 7:49 PM | Ranuj pegu

printer

দিছপুৰত আজি কাৰ্বি শান্তি চুক্তি স্বাক্ষৰকাৰী প্ৰতিনিধিৰ লগত ডাঃ ৰণোজ পেগুৰ বৈঠক

কেবিনেট মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি দিছপুৰত কাৰ্বি শান্তি চুক্তি স্বাক্ষৰকাৰী প্ৰতিনিধিৰ লগতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত চুক্তি অনুসৰি কাৰ্বি আংলঙৰ বাহিৰৰ কাৰ্বি জনগোষ্ঠীয় গাঁও আৰু লোকসকলৰ কল্যাণৰ বাবে এখন পৰিষদ গঠন সন্দৰ্ভত আলোচনা কৰা হয়। লগতে বিষয়টো শীঘ্ৰে নিষ্পত্তি কৰাৰ বাবে ৰূপৰেখা নিৰূপণ কৰা হয়। আজিৰ এই বৈঠকত সাংসদ অমৰসিং টিছ’, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনসহ কাৰ্বি শান্তি চুক্তি স্বাক্ষৰকাৰী প্রতিনিধিসকল উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক