July 4, 2024 1:14 PM | assam cabinet

printer

দিছপুৰত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত শেহতীয়া বান পৰিস্থিতি সম্পর্কে আলোচনাৰ লগতে ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত কালি নিশা মুখ্যমন্ত্রীয়ে এখন সংবাদ মেল সম্বোধন কৰি অনুসুচীত জাতি আৰু জনজাতিৰ চাকৰি প্রত্যাশীসকলক প্রতিযোগিতামূলক পৰীক্ষাত উৎসাহ প্রদান, বৃক্ক ৰোগীৰ বাবে সুলভ আৰু মানসম্পন্ন চিকিৎসা প্রদান তথা কৰ্কট ৰোগৰ বিশ্বমানৰ প্ৰতিষ্ঠানৰ সুবিধাকে ধৰি বিভিন্ন বিষয়ত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে অনুসুচীত জাতি আৰু জনজাতি যুৱক-যুৱতীসকলে ৰাজ্য চৰকাৰৰ যিকোনো পদ বা সেৱাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰিলে পৰীক্ষাৰ মাচুল ৰেহাই পাব। আনহাতে, ৰাজ্য চৰকাৰে বৰ্তমানে ৪১টা ডায়েলাইছিছ কেন্দ্ৰৰ জৰিয়তে বৃক্ক ৰোগীৰ বাবে সুলভ আৰু মানসম্পন্ন চিকিৎসা আগবঢ়াই আছে যদিও অচিৰে আৰু ৩৭ টা এনে কেন্দ্ৰ স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ইফালে, অসম আৰু উত্তৰ পূবৰ কৰ্কট ৰোগীৰ বাবে সুলভ নিখিত উচ্চমানৰ চিকিৎসা সেৱা প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰে টাটা এডুকেশ্বন এণ্ড ডেভেলপমেণ্ট ট্ৰাষ্ট আৰু আসাম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ মাজত ত্রিপাক্ষিক বুজাবুজি চুক্তি স্বাক্ষৰতো অনুমোদন জনোৱা বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে।

অধিক পঢ়ক

সকলো চাওক