October 13, 2024 12:12 PM | Durga Puja

printer

দশমী আৰু অপৰাজিতা পূজা সম্পন্ন কৰাৰ পাছত নৱপত্রিকা বিসর্জন প্রক্রিয়া সম্পন্ন

ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীৰ কালি দশমী আৰু অপৰাজিতা পূজা সম্পন্ন কৰাৰ পাছত নৱপত্রিকা বিসর্জন প্রক্রিয়া সম্পন্ন হয়। অৱশ্যে বিভিন্ন স্থানত আজিও দেৱীৰ মৃন্ময় প্রতিমা বিসর্জন দিয়া হ’ব। গুৱাহাটী মহানগৰীত কালিৰে পৰা তিনিদিনীয়াকৈ প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা কৰা হৈছে। বিসৰ্জন প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ বাট পথসমূহত যান-জঁটৰ সমস্যা লাঘৱ কৰাৰ বাবে যান বাহন আৰক্ষীয়ে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। মহানগৰীৰ কোনো কোনো অঞ্চলত কালি যথাবিহিত পৰম্পৰাৰে বিসর্জন প্রক্রিয়া সম্পন্ন কৰা হয়। আজিৰ দিনটোত গুৱাহাটীত ২৬৩ খন পূজা মণ্ডপৰ প্ৰতিমা বিসর্জন দিয়া হ’ব বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বিজয়া দশমীৰ দিনা প্ৰজ্ঞাৰ উদ্যোগত চানমাৰিৰ অভিযান্ত্ৰিক খেলপথাৰত আয়োজিত ভাৰত মাতা পূজন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। শিৱসাগৰ জিলাতো কালি বিজয়া দশমী উপলক্ষে দেৱীৰ প্ৰতিমা বিসর্জন দিয়া হয়। শিৱসাগৰ নগৰৰ থানামুখ অঞ্চলৰ দিখৌ নদীৰ ঘাটত কালি কটকটীয়া নিৰাপত্তা আৰু সুৰক্ষা ব্যৱস্থাৰে মাজেৰে প্ৰতিমা বিসর্জন দিয়া হয়। ঢাক-ঢোল আৰু ভক্তসকলৰ হৰ্ষ উল্লাসৰ মাজেৰে পৰম্পৰাগত ৰীতি-নীতিৰে ৬ খন পূজামণ্ডপৰ প্রতিমা কালি বিসর্জন দিয়া হয়। আজি নগৰখনৰ অন্য ১৮ খন প্রতিমা বিসর্জন দিয়া হ’ব। যোৰহাট জিলাব বিসর্জন প্রক্রিয়া সুকলমে সম্পন্ন কৰাৰ বাবে জিলাখনৰ আয়ুক্তই সকলো বিসর্জনস্থলী আৰু ঘাট পৰিদৰ্শন কৰিছে। জিলাখনত আজি মৃণ্ময় প্রতিমা বিসর্জন দিয়া হ’ব। কার্বি আংলং জিলা প্রশাসনে ও আজি দেৱীৰ প্ৰতিমা বিসর্জনৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন কৰিছে। জিলাখনত আজি এই উপলক্ষে সুবা নিষিদ্ধ ঘোষণা কৰা হৈছে। এই সময়ছোৱাত শান্তি-শৃংখলা অটুত ৰখাৰ লক্ষ্যৰে সুবাব ক্রয়-বিক্রী, মজুতকৰণ আৰু ৰাজহুৱা স্থানত সুৰাপান নিষিদ্ধ কৰা হৈছে। বিজয়া দশমীৰ দিনা তিনিচুকীয়া জিলাৰ সদৰ গুইজান ঘাট আৰু টিংৰাই নৈৰ ঘাটত ২৬ খন পূজা সমিতিয়ে দেৱীৰ প্ৰতিমা বিসর্জন দিয়ে। আজিও জিলাখনৰ কেইবাখনো পূজা সমিতিয়ে দেৱীৰ প্ৰতিমা বিসর্জন দিব। এই উপলক্ষে স্থানীয় প্রশাসনে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। দুর্গা পূজাক কেন্দ্ৰ কৰি আজিও গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে । কালিব দিনটোত বৈদিক ৰীতি-নীতিৰে দেৱী দুৰ্গাৰ প্ৰতিমা বিসর্জন কৰাৰ পাছত আজিও জিলাখনৰ কেইবাখনো পূজা সমিতিয়ে চহৰখনৰ কাচাৰীঘাটত প্ৰতিমা বিসর্জন পৰ্ব সম্পন্ন কৰিব। ইয়াৰ বাবে প্ৰশাসনে কাচাৰীঘাটত ৰেম্প তৈয়াৰ কৰি বিসৰ্জনৰ প্রস্তুতি সম্পূৰ্ণ কৰিছে। ইফালে ৰূপালী জয়ন্তী বর্ষ পালন কৰা ৰংজুলি দুৰ্গা পূজা সমিতিয়ে কালি বিয়লি দেৱী বিসর্জন কাৰ্যসূচী সমাপন কৰি ৬৫ ফুট উচ্চতাৰ বাৱন দাহ কাৰ্যসূচীও ৰূপায়ণ কৰে ৷ বজালী জিলাৰ কেইবাখনো পূজা সমিতিয়ে আজি দেৱীৰ প্ৰতিমা বিসর্জনৰ পৰ্ব সমাপন কৰিব বুলি উদ্যোক্তা সমিতিসমূহে জানিবলৈ দিছে। বাক্সা জিলাতো কেইবাখনো পূজা সমিতিয়ে আজি দেৱীৰ প্ৰতিমাসমূহ নিজ নিজ স্থানত বিসর্জন দিয়া হ’ব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে। ইপিনে, শাৰদীয় দুর্গোৎসৱৰ বিজয়া দশমী উপলক্ষে গুৱাহাটী মহানগৰ যানবাহন আৰক্ষীয়ে বাহন চলাচলৰ ক্ষেত্ৰত আজি কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি আজি পুৱা ১০ বজাৰ পৰা প্ৰতিমা বিসর্জন সমাপ্ত নোহোৱালৈকে কেইটামান পথ সম্পূৰ্ণ ৰূপে সাধাৰণ জনতাৰ বাবে বন্ধ থাকিব। আনহাতে, প্রতিমা কঢ়িওৱা বাহন সমূহ গুৱাহাটী ক্লাবৰ পৰা এম চি পথ হৈ উচ্চ ন্যায়ালয়ৰ কাষেৰে লাচিত ঘাটলৈ যাব পাৰিব। আনহাতে, টক’বাৰী, পল্টন বজাৰ, উলুবাৰী, বিহাবাৰী দিশৰ পৰা অহা বাহন সমূহ আর্য নগৰ-এ কে আজাদ পথ হৈ নেপালী মন্দিৰ গধূলি বজাৰ-পানবজাৰ হৈ লাচিত ঘাটত বিসৰ্জনৰ বাবে যাব পাৰিব। একেদৰে, গণেশগুৰি, দিছপুৰ, কাহিলিপাৰা আদি অঞ্চলৰ পৰা প্ৰতিমা বিসৰ্জনৰ বাবে যোৱা বাহন সমূহ আৰ জি বৰুৱা পথ, চানমাৰি, গুৱাহাটী ক্লাব হৈ লাচিত ঘাটলৈ যাব পাৰিব। এই সময়ছোৱাত সাধাৰণ যানবাহনৰ বাবে পথ কেইটা সম্পূৰ্ণ ৰূপে বন্ধ থাকিব।

অধিক পঢ়ক

সকলো চাওক