প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা অনুষ্ঠানত দলৰ বুথ পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে হোৱা বাৰ্তালাপত আম আদমী পাৰ্টীক কঠোৰ ভাষাৰে আক্ৰমণ কৰে। সমাগত দিল্লী বিধানসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি তেওঁ কয় যে আম আদমী পাৰ্টীয়ে ৰাষ্ট্ৰীয় ৰাজধানীখনৰ জনসাধাৰণৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰিব পৰা নাই। আম আদমী পাৰ্টীক তীব্র কটাক্ষ কৰি শ্ৰীমোদীয়ে কয়, যে দিল্লীত খোৱাপানীৰ পৰিৱৰ্তে সুৰা পৰ্যাপ্ত পৰিমাণে পোৱা যায়। আম আদমী পাৰ্টীৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালকো প্ৰধানমন্ত্ৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয়। প্রধানমন্ত্রী শ্রীমোদীয়ে দিল্লীত কেন্দ্রীয় চৰকাৰৰ আয়ুষ্মান ভাৰত আঁচনি কাৰ্যকৰী নকৰা সন্দৰ্ভতো আপ চৰকাৰক প্ৰশ্ন তোলে। যমুনা নদীৰ প্ৰদূষণ আৰু এই সন্দৰ্ভত আপৰ প্ৰতিশ্ৰুতিৰ বিষয়ে শ্রীমোদীয়ে প্ৰশ্ন উত্থাপন কৰে। দলীয় কৰ্মীসকলক বিজেপিৰ প্ৰতিশ্ৰুতিসমূহ জনসাধাৰণৰ আগত দাঙি ধৰিবলৈও শ্রীমোদীয়ে আহ্বান জনায়।
Site Admin | January 22, 2025 8:06 PM | AAP | narendra modi