ডাউনলোড
মোবাইল এপ

android apple
signal

দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ বাংৰীচৰত ৪৪ লাখ টকা ব্যয় সাপেক্ষ জি প্লাচ ওৱান উপ স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভ

দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ বাংৰীচৰত আজি ৪৪ লাখ টকা ব্যয় সাপেক্ষ এটা জি প্লাচ ওৱান উপ স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হয়। মানকাচৰৰ বিধায়ক আমিনুল ইছলামে জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মিনহাস চৌধুৰীৰ উপস্থিতিত আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে। অহা ছমাহৰ ভিতৰত নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে সংশ্লিষ্ট পক্ষক নির্দেশ দিছে। ৰাজ্য চৰকাৰে প্ৰতিখন জিলাৰ বিশেষকৈ গাওঁ অঞ্চলত স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তন অনাৰ উদ্দেশ্যে গ্ৰহণ কৰা জি প্লাছ ওৱান উপস্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ পদক্ষেপৰ অধীনত এই নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছে। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ মানকাছৰ সমষ্টিত মুঠ ১৯ টা জি প্লাছ ওৱান উপস্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰে অধিকাংশ কেন্দ্ৰ অহা ২ ৩ মাহৰ ভিতৰত মুকলি কৰিবলৈ জিলা স্বাস্থ্য বিভাগে তৎপৰতা আৰম্ভ কৰিছে। এই কেন্দ্ৰসমূহৰ জৰিয়তে গাওঁ অঞ্চলৰ লোকসকলে সচৰাচৰ হৈ থকা ৰোগসমূহৰ উপযুক্ত চিকিৎসা লাভ কৰাৰ উপৰি গৰ্ভৱতী মহিলা আৰু প্ৰসৱৰ বাবে প্রসুতিসকলে উপযুক্ত সুবিধা লাভ কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্যৰ প্ৰতিখন জিলাৰ কেইবাখনো গাঁৱক লৈ স্বাস্থ্য বিভাগে এখনকৈ উপস্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক