দক্ষিণ কোৰিয়াৰ চিউলৰ ২৯০ কিলোমিটাৰ দক্ষিণে মুৱান আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত বেংককৰ পৰা যোৱা জেজু এয়াৰৰ এখন বিমান দুৰ্ঘটনাত পতিত হোৱাত বিমানখনত থকা ১৮১ গৰাকী আৰোহীৰ ভিতৰত ১৭৯ গৰাকীৰ মৃত্যু হয়। দক্ষিণ কোৰিয়াৰ অগ্নি নির্বাপক সংস্থাই প্ৰকাশ কৰা অনুসৰি বিমানখনৰ দুগৰাকী কৰ্মীৰ প্ৰাণ ৰক্ষা পৰিছে । দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি চই চেং মোকে এই ঘটনাৰ বাবে ৪ জানুৱাৰীলৈ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। বয়িং ৭৩৭-৮০০ বিমানখন মুৱান আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰাৰ সময়ত আজি পুৱা এই ঘটনা সংঘটিত হয়। উদ্ধাৰ অভিযান এতিয়াও অব্যাহত আছে। বিমানখনৰ দুয়োটা ব্লেকবক্স তথা ফ্লাই ডাটা আৰু ভইছ ৰেকৰ্ড উদ্ধাৰ কৰা হৈছে। পৰিবহন মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি আৰক্ষী, সেনা তথা উপকূলৰক্ষী বাহিনীৰ ৭০০ গৰাকী জোৱান ঘটনাস্থলীত উপস্থিত থাকি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ভিডিঅ’ত পৰিলক্ষিত হোৱা অনুসৰি বিমানখন ৰানৱেৰে আহি থকা অৱস্থাত এখন বেৰত খুন্দা মাৰি জ্বলি যায়। দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি চই চেং মোকে ঘটনাস্থলী পৰিদৰ্শন কৰি জৰুৰীকালিন সহায় আগবঢ়োৱাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। কোৰিয়া বিমানবন্দৰ নিগমে মুৱান আন্তৰাষ্ট্ৰীয় বিমানবন্দৰলৈ আহিবলগীয়া সকলো বিমান যাত্রা বাতিল কৰিছে।
Site Admin | December 29, 2024 8:36 PM | South Korea plan crash