দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত চলি থকা সন্ত্রাসবাদ বিৰোধী অভিযানত আজি পুৱা সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ৫ টা সন্ত্ৰাসবাদী নিহত হয়। সেনা বাহিনীৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে, এই সংঘৰ্ষত আঘাতপ্ৰাপ্ত হোৱা দুজন সেনা জোৱানক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। এটা বিশেষ সূত্ৰৰ ভিত্তিত অঞ্চলটোত যোৱা নিশা সুৰক্ষা বাহিনীয়ে অভিযান চলাই বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে। সুৰক্ষা বাহিনীৰ লোকে সন্ত্ৰাসবাদী কেইটা লুকাই থকা বুলি সন্দেহ কৰা কাদেৰ গাওঁত অভিযান চলোৱা সময়তে সন্ত্রাসবাদীকেইটাই তেওঁলোকলৈ লক্ষ্য কৰি গুলিবর্ষণ কৰে। নিহত সন্ত্ৰাসবাদীকেইটাক চিনাক্ত কৰা হৈছে আৰু অঞ্চলটোত অভিযান অব্যাহত আছে বুলি মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে।
Site Admin | December 19, 2024 5:16 PM | Jammu and Kashmir | Terrorist | Terrorist Killed
দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ৫ টা সন্ত্ৰাসবাদী নিহত
