বিদেশ সচিব বিক্রম মিস্ৰী আৰু ভূটানৰ বিদেশ সচিব অওম পেমা ছ’ডেনে আজি থিস্ফুত তৃতীয় ভাৰত-ভূটান উন্নয়ন সহযোগিতা আলোচনাত সহ-অধ্যক্ষতা কৰে। বৈঠকৰ সময়ছোৱাত ভূটানৰ পক্ষই Project Tied Assistance – PTA প্রস্তাব দাঙি ধৰাৰ লগতে ত্ৰয়োদশ পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ত ৰূপায়ণ হ’বলগীয়া পি টি এ প্রকল্পসমূহৰ প্ৰথমটো শাখাৰ বিষয়ে প্ৰকাশ কৰে। বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা এখন বিজ্ঞপ্তি অনুসৰি দুয়োপক্ষই বিভিন্ন খণ্ডৰ ৪,৯৫৮ কোটি টকাৰ মুঠ ৬১টা প্ৰকল্পত অনুমোদন জনায়। এই প্রকল্পসমূহ আন্তঃগাঁঠনি, শক্তি, দক্ষতা বিকাশ, শিক্ষা, স্বাস্থ্য, সাংস্কৃতিক ঐতিহ্য, যোগ্যতা বৃদ্ধি, ক্রীড়া, ডিজিটেল অৰ্থনীতি আৰু মহাকাশ প্রযুক্ত আদি খণ্ডৰ। ইয়াৰ উপৰি বিদেশ সচিবদ্বয়ে দুয়োদেশৰ মাজৰ বন্ধুত্বপূর্ণ সম্পর্ক শক্তিশালী কৰা, বাণিজ্য আৰু বিনিয়োগ তথা শক্তি আদি খণ্ডকে ধৰি দ্বিপাক্ষিক সহযোগিতাৰ সকলোবোৰ দিশ সামৰি বিতংভাৱে আলোচনা কৰে৷ চলিত বৰ্ষৰ মাৰ্চত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূটান ভ্ৰমণৰ সময়ছোৱাত শ্ৰী মোদীয়ে ভূটানৰ ত্ৰয়োদশ পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ছোৱাৰ বাবে ভাৰত চৰকাৰৰ হৈ ১০ হাজাৰ কোটি টকাৰ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছিল। বিদেশ সচিব বিক্ৰম মিস্ত্রী দুদিনীয়া চৰকাৰী ভূটান ভ্রমণসূচীৰ আজি সামৰণি পৰিছে। বিদেশ সচিব হিচাপে মিস্ৰীৰ এয়া আছিল প্ৰথমটো বিদেশ ভ্রমণ।
Site Admin | July 20, 2024 8:22 PM | Vikram Misri