ত্ৰিপুৰা চৰকাৰে শিক্ষা, স্বাস্থ্যসেৱা, কৃষি আৰু তথ্য প্ৰযুক্তিখণ্ডত ৮৭ গৰাকী ব্যক্তিগত বিনিয়োগকাৰীৰ সৈতে ৩,৭০০ কোটি টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। আগৰতলাত দুদিনীয়াকৈ আয়োজিত ডেষ্টিনেচন ত্ৰিপুৰা বাণিজ্য সন্মিলনত এই চুক্তিসমূহ স্বাক্ষৰ কৰা হয়। কালি এই সন্মিলনৰ সামৰণি পৰে। কেইবাটাও ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ মাণিক চাহা, উদ্যোগ মন্ত্ৰী সান্তনা চাকমা আৰু ৰাজ্যখনৰ জ্যেষ্ঠ প্রশাসনিক আৰু আৰক্ষী বিষয়াৰ উপস্থিতিত এই চুক্তিসমূহ স্বাক্ষৰ কৰে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয়, যে ৰাজ্যখনত বিনিয়োগ কৰাৰ বাবে দেশ-বিদেশৰ ব্যক্তিগত খণ্ডৰ কোম্পানীসমূহ আমন্ত্ৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে। তেওঁ কয়, যে বিনিয়োগকাৰীসকলে শান্তি শৃংখলা বৰ্তি থকা ঠাইতহে বিনিয়োগ কৰিবলৈ আগ্রহী হয় আৰু সেয়ে চৰকাৰে কোম্পানীসমূহক অনুকূল পৰিৱেশৰ নিশ্চিতি দিয়াৰ বাবে সম্ভৱপৰ সকলো চেষ্টা চলাইছে। তেওঁ কয়, যে ৰাজ্যখনত বিনিয়োগ কৰিব খোজা কোম্পানীবিলাকে কোনো অসুবিধা নোহোৱাকৈ বিনিযোগ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে আবেদন কৰাৰে পৰা ৩০ দিনৰ ভিতৰত আপত্তি নথকাৰ প্ৰমাণ পত্ৰ লাভ কৰিব। উদ্যোগসমূহক চৰকাৰে ৰাজসাহায্যযুক্ত হাৰত বিদ্যুৎ যোগান ধৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইনছেন্টিভ কেলকুলেটৰ প’ৰ্টেল আৰু লেণ্ড বেংক ছিষ্টেমো মুকলি কৰে। এই লেণ্ড বেংক ব্যৱস্থাই কোম্পানীসমূহক উদ্যোগ স্থাপনৰ বাবে ঠাই বিচাৰি উলিওৱাত সহায় কৰিব।
Site Admin | February 9, 2025 11:31 AM | Destination Tripura
ত্ৰিপুৰা চৰকাৰৰ শিক্ষা, স্বাস্থ্য, কৃষি আৰু তথ্য প্ৰযুক্তিখণ্ডত ৮৭ গৰাকী ব্যক্তিগত বিনিয়োগকাৰীৰ সৈতে ৩,৭০০ কোটি টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ
