ডাউনলোড
মোবাইল এপ

android apple
signal

December 22, 2024 7:54 PM | Amit Shah at Tripura

printer

ত্ৰিপুৰাত ৬৬৮ কোটি ৩৯ লাখ টকা ব্যয় সাপেক্ষ ১৩ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি ত্ৰিপুৰাত ৬৬৮ কোটি ৩৯ লাখ টকা ব্যয় সাপেক্ষ ১৩ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। সেই উপলক্ষে ঢলাই জিলাৰ মাছুৰাইপাৰাত আয়োজিত এখন জনসভাত দিয়া ভাষণত শ্ৰী শ্বাহে ব্রু জনগোষ্ঠীৰ লোকসকলক সংস্থাপনৰ বিষয়টো নিষ্পত্তি নকৰাৰ বাবে পূৰ্বৰ কমিউনিষ্ট দলৰ চৰকাৰখনক সমালোচনা কৰে। তেওঁ কয়, যে বিজেপি নেতৃত্বাধিন চৰকাৰ ২০১৮ চনত শাসনলৈ অহাৰ পাছত এই জনগোষ্ঠীটোৰ ৪০ হাজাৰ লোকৰ সংস্থাপনৰ যথোচিত ব্যৱস্থা গ্ৰহণ কৰি বিষয়টো নিষ্পত্তিৰ দিহা কৰা হয় । গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে কমিউনিষ্টসকলে নিজকে দৰিদ্ৰ লোকৰ ত্রাণকর্তা আখ্যা দিয়ে যদিও ব্রুসকলৰ যন্ত্ৰণাক উপলব্ধি কৰিবলৈ তেওঁলোক সমর্থ নহ’ল। শ্ৰী শ্বাহে কয়, যে চৰকাৰে ৰাজ্যখনৰ বিভিন্ন জিলাৰ ১১ খন গাঁৱত ব্রু জনগোষ্ঠীৰ লোকসকলক সংস্থাপিত কৰাৰ বাবে ৯০০ কোটি টকা ব্যয় কৰিছে। জনগোষ্ঠীটোৰ লোকসকল বিৰুদ্ধ খোৱাপানী, বিদ্যুৎ সংযোগ, বুনিয়াদী শিক্ষা আৰু স্বাস্থ্য সেৱাৰ সা-সুবিধাৰ পৰা বঞ্চিত হৈ ভীষন অসুবিধাৰ সন্মুখীন হৈ আহিছিল বুলিও তেওঁ মন্তব্য কৰে। তেওঁ কয়, যে উপযুক্ত সংস্থাপনৰ পাছত ব্ৰুসকলে খোৱাপানী, অনাময়, বিদ্যুৎ সংযোগ, উপযুক্ত শিক্ষা আৰু নিয়োগৰ সুবিধা লাভ কৰিছে।

অধিক পঢ়ক

সকলো চাওক