অত্যাধুনিক প্রযুক্তিৰে সুসজ্জিত ভি এল এছ আৰ এছ এ এম এই ক্ষেপনাস্ত্রবিধে সশস্ত্র বাহিনীসমূহক প্রযুক্তিগত সামর্থ্য বৃদ্ধি কৰিবঃ ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভূপৃষ্ঠৰ পৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিব পৰা হ্ৰস্ব দূৰত্ব ভেদি ভি এল এছ আৰ এছ এ এম সফল পৰীক্ষণৰ বাবে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা, ভাৰতীয় নৌ সেনা আৰু সংশ্লিষ্ট সকলো পক্ষকে ভূয়সী প্রশংসা কৰিছে। শ্রীসিঙে কৈছে যে অত্যাধুনিক প্রযুক্তিৰে সুসজ্জিত এই ক্ষেপনাস্ত্রবিধে সশস্ত্র বাহিনীসমূহক প্রযুক্তিগত সামর্থ্য বৃদ্ধি কৰিব। প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা তথা ভাৰতীয় নৌসেনাই ভি এল এছ আৰ এছ এ ক্ষেপনাস্ত্ৰ প্ৰণালীৰ একেৰাহে দুটাকৈ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। ওড়িশাৰ চান্দিপুৰৰ সংহত পৰীক্ষণস্থলীৰ পৰা কালি ক্ষেপনাস্ত্রবিধৰ দ্বিতীয়টো পৰীক্ষা সম্পূৰ্ণ কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে পৰীক্ষণ কালত ক্ষেপনাস্ত্রবিধে আকাশমাৰ্গৰ উচ্চ গতিসম্পন্ন লক্ষ্যত নিখুঁতভাৱে এই পৰীক্ষাই অকল অস্ত্ৰপ্ৰণালীৰ নিৰ্ভৰযোগ্যতা প্ৰতিপন্ন কৰাই নহয়, বৰং শেহতীয়াকৈ মিছাইল ক্ষেপনাস্ত্ৰ প্ৰযুক্তিৰ ক্ষেত্ৰত হোৱা প্ৰগতিকো প্ৰতিফলিত কৰিছে। ইয়াৰ পূৰ্বে যোৱা ১২ ছেপ্তেম্বৰত ভি এল এছ আৰ এছ এ এম প্ৰণালীৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰা হৈছিল।

অধিক পঢ়ক

সকলো চাওক