September 28, 2024 10:28 AM | President

printer

তেলেংগানাত ভাৰতীয় কলা মহোৎসৱ উদ্বোধন কৰিব ৰাষ্ট্ৰপতিয়ে

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি এদিনীয়া ভ্রমণসূচীৰে তেলেংগানালৈ যাব। ভ্ৰমণৰ অংশহিচাপে ৰাষ্ট্ৰপতিয়ে হায়দাবাদৰ নালচাৰ আইন বিশ্ববিদ্যালয়ৰ ২১ সংখ্যক দীক্ষান্ত সমাৰোহত ভাগ ল’ব। শ্ৰীমতী মুর্মুৱে ছিকন্দ্ৰাবাদত থকা ৰাষ্ট্ৰপতি নিলয়মত ভাৰতীয় কলা মহোৎসৱ উদ্বোধন কৰিব। ৮ দিনীয়াকৈ হ’বলগীয়া এই কলা মহোৎসৱত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ কলা সংস্কৃতি প্ৰদৰ্শন কৰা হ’ব। আটাইকেইখন ৰাজ্যৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী আৰু ৰাজ্যপালসকলে এই কলা মহোৎসৱত ভাগ ল’ব।

অধিক পঢ়ক

সকলো চাওক