October 5, 2024 9:57 AM | Assam | TEZPUR

printer

তেজপুৰ সাহিত্য উৎসৱ-২০২৪ক জয়পুৰ সাহিত্য উৎসৱৰ দৰে প্ৰতিষ্ঠা কৰিবলৈ সিদ্ধান্ত

তেজপুৰ সাহিত্য উৎসৱ আয়োজক সমিতিয়ে অহা ২৪ৰ পৰা ২৬ ডিচেম্বৰলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া তেজপুৰ সাহিত্য উৎসৱ-২০২৪ক জয়পুৰ সাহিত্য উৎসৱৰ দৰে প্ৰতিষ্ঠা কৰিবলৈ সিদ্ধান্ত লৈছে। বৃহত্তৰ তেজপুৰৰ সকলো শ্ৰেণীৰ ৰাইজক জড়িত কৰি সাহিত্য উৎসৱ অনুষ্ঠিত কৰাৰ লগতে শিক্ষাৰ্থীসকলকো সাহিত্য উৎসৱৰ কাৰ্যসূচীত জড়িত কৰোৱা হ’ব। ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুকেইগৰাকী লেখক, সাহিত্যিক, উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ জনপ্ৰিয় লেখক, সাহিত্যিকৰ লগতে অসমৰ বিশিষ্ট লেখক, সাহিত্যিকৰ অংশগ্রহণেৰে এই উৎসৱ অনুষ্ঠিত কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক