দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ অন্তৰ্গত তেজপুৰ বিধানসভা সমষ্টিত সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ আজি আৰম্ভ হয়। তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই তেজপুৰ প’ল’ খেলপথাৰত আয়োজিত দ্বিতীয় খেল মহাৰণ অনুষ্ঠানৰ শুভাৰম্ভ কৰে। তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৩খন গাঁও পঞ্চায়ত আৰু এটা নগৰীয় স্থানীয় নিকায়ৰ প্ৰায় ৩ হাজাৰ প্ৰতিযোগীয়ে দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণত অংশগ্ৰহণ কৰিছে।
একেদৰে তামুলপুৰ জিলাত দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ ভি চি ডি চি পৰ্যায়ৰ প্ৰতিযোগিতা সামৰণি পৰাৰ পাছত সমষ্টিভিত্তিক প্রতিযোগিতাৰ বাবে জিলা প্রশাসন সাজু হৈছে। জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্ত্তীয়ে প্ৰকাশ কৰা এটা বিবৃতি অনুসৰি জিলাখনৰ তামুলপুৰ বিধানসভা সমষ্টিত ১০ৰ পৰা ১৪ ডিচেম্বৰলৈ আৰু গোৰেশ্বৰ বিধানসভা সমষ্টিত ১৭ৰ পৰা ২১ ডিচেম্বৰলৈ খেল প্ৰতিযোগিতাসমূহ হ’ব।
Site Admin | December 8, 2024 6:19 PM | Khel Maharan