তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ দ্বাবিংশ সমাৱৰ্তন উৎসৱ আজি অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় বিদ্যালয় পৰিসৰত অনুষ্ঠিত এই সমাৱৰ্তনত বিশ্ববিদ্যালয় মঞ্জুৰী আয়োগৰ অধ্যক্ষ, অধ্যাপক এম জগদেশ কুমাৰে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্রসাদ আচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত এই সমাৱৰ্তনত বিশ্ববিদ্যালয়ৰ পৰা ডিপ্লামা লাভ কৰা ১৪ গৰাকী, স্নাতক ডিগ্ৰী লাভ কৰা ৪২৮ গৰাকী, স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ৭৩৯ গৰাকী আৰু পি এইচ ডি ডিগ্ৰী লাভ কৰা ১৩১ গৰাকী শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰা হয়। ইয়াৰ লগতে বিভিন্ন পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা ৪৯ গৰাকী শিক্ষাৰ্থীক সোণৰ পদকেৰে সন্মানিত কৰা হয়। সমাৱৰ্তন অনুষ্ঠানৰ পূৰ্বে প্ৰাক্তন প্রধানমন্ত্ৰী ড০ মনমোহন সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰি মৌনতা অৱলম্বন কৰা হয় ।
Site Admin | December 27, 2024 5:50 PM | Tezpur Central University