ডাউনলোড
মোবাইল এপ

android apple
signal

তেজপুৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ অত্যাধুনিক পুথিভঁৰাল আৰু তথ্য কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি জেপি নাড্ডাৰ

দুদিনীয়া ভ্রমণসূচী লৈ অসমলৈ অহা কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জগৎ প্রসাদ নাড্ডাই আজি দুপৰীয়া তেজপুৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত নিৰ্মাণ কৰা অত্যাধুনিক পুথিভঁৰাল আৰু তথ্য কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে। প্ৰায় ১২ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰি উলিওৱা এই পুথিভঁৰাল আৰু তথ্য কেন্দ্ৰটোৱে ছাত্ৰ-ছাত্ৰী, চিকিৎসক আৰু ৰোগীসকলক অধিক সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে ১৮৭৬ চনত তদানীন্তন ইংৰাজ চৰকাৰৰ দিনত পগলা ফাটেক নামেৰে পৰিচিত হোৱা এই মানসিক চিকিৎসালয়খন স্থাপন কৰা হৈছিল। ১৯৮৯ চনত এই প্রতিষ্ঠানখনক লোকপ্ৰিয় গোপীনাথ বৰদলৈ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্রতিষ্ঠান ৰূপে নামকৰণ কৰা হয় আৰু ইয়াক অত্যাধুনিক মানসিক চিকিৎসা প্ৰতিষ্ঠানলৈ উন্নীত কৰা হয়। বৰ্তমান এই প্রতিষ্ঠানখনত ৩৭৬ খন বিছনাৰ সুবিধাৰে অত্যাধুনিক মনোৰোগ চিকিৎসাৰ ব্যৱস্থা আছে। বেয়া বতৰৰ বাবে স্বাস্থ্যমন্ত্রী নাড্ডা ইয়াৰ পাছত পথযোগে মঙলদৈলৈ আহে। মঙলদৈত তেওঁ মঙলদৈ অসামৰিক চিকিৎসালয়ত প্ৰধানমন্ত্রী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত ২৩ কোটি ৭৫ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া ক্রিটিকেল কেয়াৰ হাস্পতালখনৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ পাছত তেওঁ মঙলদৈ নগৰৰ সমীপৰ গেৰীমাৰীত নির্মীয়মান অসম দক্ষতা বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্যও পৰিদৰ্শন কৰে। চাংসাৰি অভিমুখে যাত্ৰা কৰাৰ পূৰ্বে শ্ৰীনাড্ডাই মঙলদৈৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিলেনযুক্ত বাইপাছৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয় আৰু ছিপাঝাৰ অসামৰিক চিকিৎসালয়খনো পৰিদৰ্শন কৰে। বিয়লিৰ ভাগত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে চাংসাৰিৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু প্ৰতিষ্ঠানখনৰ সঞ্চালককে ধৰি উচ্চ পদস্থ বিষয়া আৰু চিকিৎসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীক আজিৰ আটাইকেইটা কাৰ্যসূচীতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু জ্যেষ্ঠ মন্ত্ৰীসকল-কেশৱ মহন্ত, প্ৰশান্ত ফুকন আৰু অশোক সিংহলেও সংগ দিয়ে। উত্তৰ গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানত এভুমুকি মৰাৰ পাছত তেওঁ আজিয়েই নতুন দিল্লীলৈ উভতি যোৱাৰ কথা আছে।

অধিক পঢ়ক

সকলো চাওক